ETV Bharat / state

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

author img

By

Published : Apr 28, 2021, 1:56 PM IST

Updated : Apr 28, 2021, 4:06 PM IST

জন সাধাৰণৰ সুবিধাৰ্থে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে তিনিটা জৰুৰীকালীন টোল ফ্ৰী নম্বৰ । এই ফোন নম্বৰৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে ৰাইজে জনাব পাৰিব ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

গুৱাহাটী,২৮ এপ্ৰিল: বুধবাৰে অসমত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৬.৭ প্ৰাবল্যৰ এই ভূঁইকঁপৰ ফলত বহু ঠাইত যথেষ্ট ক্ষতিসাধন হয় । নিজৰ নিজৰ ঠাইত হোৱা ক্ষতিৰ বিষয়ে যাতে ৰাইজে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিব পাৰে, তাৰ সুবিধাৰ্থে তিনিটা জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ।

১০৭০ আৰু ১০৭৯ নম্বৰৰ জৰিয়তে ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব । লগতে ১০৭৭ নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব সাধাৰণ লোকে । বুধবাৰে পুৱা 7.52 মিনিটত বৃহৎ জোকাৰণি অনুভূত হোৱাৰ পিছত বহু সৰু সৰু জোকাৰণি অনুভূত হৈছিল । ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰৰ ঢেকীয়াজুলি ।

লগতে পঢ়ক: ভূমিকম্পৰ ফলত মহা মৃত্যুঞ্জয় মন্দিৰত ফাঁট

Last Updated : Apr 28, 2021, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.