গুৱাহাটী, ২১ নৱেম্বৰ: শনিবাৰে অন্ত পৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ ঘাটত অনুষ্ঠিত কৰা ষট পূজা। দুদিন ধৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰে ব্ৰহ্মপুত্ৰ ঘাটৰ পূজাথলীত। গুৱাহাটী ষট পূজা সমিতি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ষট পূজা। দুয়োটা দিনতে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে পূজাথলীলৈ। সমাজৰ শান্তি, সম্প্ৰীতি তথা সমন্বয় অটুট থকাৰ কামনাৰে সকলোৱে প্ৰাৰ্থনা কৰে।
পূজাৰ এই অনুষ্ঠান সুকলমে সমাপ্ত হোৱাৰ বাবে ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ষট পূজাৰ বিষয়ববীয়া ক্ৰমে বিদ্যানন্দ ঝা, কিশোৰ সিনহা, ৰাজু সাহানী, বিনোদ শৰ্মা, কুণাল আনন্দ ঝা, ৰাজেশ প্ৰসাদ, ৰাজকুমাৰ সাহানী আৰু ওঁম প্ৰকাশ সাহানীয়ে। মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে স্বাস্থ্যবিধি মানি চলি পূজাৰ কাৰ্যসূচী অনুষ্ঠিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে পূজা সমিতিয়ে।
ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বৰ তুলনাত এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে ষট পূজা। হিন্দু ধৰ্মাৱলম্বী, বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে সূৰ্য দেৱতাক পূজা আগবঢ়াই আশিস লয়। ব্ৰত পালন কৰি সূৰ্য দেৱতাক নৈবেদ্য আগবঢ়াই পৰিয়ালৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায় মহিলাসকলে। মহামাৰীয়ে পূজাৰ আনন্দ কিছু পৰিমানে ম্লান কৰিলেও পৰম্পৰা অক্ষুণ্ণ ৰখাত ত্ৰুটি ৰখা নাই ভক্তসকলে।
লগতে পঢ়ক:ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন ষট পূজা