গুৱাহাটী, 28 মে’ : আগন্তুক জুন মাহৰ পৰা বিটিআৰ অঞ্চলকো সাঙুৰি ল’ব চৰকাৰৰ অভিলাষী আঁচনি ‘অৰুণোদয়’-য়ে ৷ কেৱল ‘অৰুণোদয়’ আঁচনিয়েই নহয়, বড়োভূমিত ন-ৰূপত ‘স্বয়ম’ আঁচনি ৰূপায়ণৰ বাবেও সাজু হৈছে ৰাজ্য চৰকাৰ ।
শুকুৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই দুয়োখন আঁচনি ৰূপায়ণ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।বৈঠকত আঁচনি দুখনৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয় ।
মুখ্যমন্ত্ৰীয়ে দুয়োখন আঁচনিৰ হিতাধিকাৰীৰ তালিকা দ্ৰুততাৰে চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে । আগন্তুক মাহৰ পৰা বিটিআৰত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে শীঘ্ৰেই নৱৰূপত স্বয়ম আঁচনিখন আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে ৷
উক্ত বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু অশোক সিংঘাল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো । লগতে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা ৷
লগতে পঢ়ক : হাতত বেলছা-পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা