ETV Bharat / state

গায়ক-অভিনেতাৰ বিজেপিত যোগদানঃ ছ'চিয়েল মিডিয়াত ব্যাপক সমালোচনা - বিজেপিত যোগদান

নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ অভূতপূৰ্ৱ সহাৰি দেখি নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱা ভয়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰ-বৰ ভাষণ দিয়া এইসকল গায়ক অভিনেতাৰ প্ৰকৃত স্বৰূপ দেখি ৰাইজেও আজি তবধ মানিছে ৷ মঙলবাৰৰ দিনটোত বিজেপিত যোগদান দিয়া তালিকাখনত নাম আছে, অভিনেতা প্ৰাণজিৎ দাস, বাঁহী বাদক দীপক শৰ্মা, গায়ক সীমান্ত শেখৰ, অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ক'ৰিযঅ'গ্ৰাফাৰ পংকজ ইংতীকে, গায়ক জয় চক্ৰৱৰ্তীকে ধৰি ৰাজ্যৰ সংস্কৃতিকজগত খনৰ লগত জড়িত 28 গৰাকী ব্যক্তিৰ ৷

ARTIST JOIN BJP
28 গৰাকী গায়ক-অভিনেতাৰ বিজেপিত যোগদানঃ
author img

By

Published : Aug 25, 2020, 10:01 PM IST

Updated : Aug 25, 2020, 11:17 PM IST

গুৱাহাটী, ২৫ আগষ্টঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰধান ৰাজনৈতিক দলৰে এতিয়া প্ৰধান উদ্দেশ্য হৈ পৰিছে ভোটাৰৰ মাজত ৰাজনৈতিক চমক সৃষ্টি কৰা ৷ এইবাৰ প্ৰতিটো ৰাজনৈতিক দলৰে যেন মূল টাৰ্গেট হৈ পৰিছে শিল্পীসমাজ ৷ স্বভাৱগতভাৱে আৱেগ সৰ্বস্ব এই শিল্পীসকলক দলত যোগদান কৰাবলৈ এতিয়া উঠিপৰি লাগিছে ৰাজনৈতিক শক্তিসমূহ ৷

মঙলবাৰে ৰাজ্যিক বিজেপিত যোগ দিলে প্ৰায় ২৮ জনীয়া এটা শিল্পীৰ দলে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা দলটোত যোগ দিলে শিল্পীসকলে ৷ বিজেপিত যোগ দিয়া শিল্পীসকলৰ তালিকাত আছে অভিনেতা প্ৰাণজিৎ দাস, প্ৰাঞ্জনা দত্ত, কণ্ঠ শিল্পী সীমান্ত শেখৰ, বিৰিণা পাঠক, জয় বৰুৱা, পল ফুকন আদি ৷

28 গৰাকী গায়ক-অভিনেতাৰ বিজেপিত যোগদান

সংশোধিত নাগৰিকত্ব আইনৰ তীব্ৰ বিৰোধিতা কৰি চৰ্চালৈ অহা এইসকল শিল্পীৰ মঙলবাৰে বিজেপি দলত যোগদান দিয়াৰ পাছত সভাপতি ৰঞ্জিত দাসে তেওঁলোকক নিজৰ শিল্পী সত্ত্বা অখুন্ন ৰাখি দলীয় সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনায় ৷

Last Updated : Aug 25, 2020, 11:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.