ETV Bharat / state

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য ৷ মঙলবাৰে পুৱা ভাগতে অহা এজাক বৰষুণে বুৰালে গুৱাহাটী ৷ কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ বিভিন্ন প্ৰান্ত ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তত কেৱল পানী আৰু পানী ৷

author img

By

Published : Sep 21, 2021, 8:53 PM IST

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য
এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য

গুৱাহাটী,21 ছেপ্তেম্বৰ : মঙলবাৰে পুৱাৰ ভাগত অহা এজাক বৰষুণত মহানগৰীৰ ভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ । মহানগৰীৰ নাৰেংগী তিনিআলি, ছয়মাইল-নাৰেংগী সংযোগী পথ, পাথৰ কুঁৱেৰী-সাতগাঁও সংযোগী পথ আদিত দেখিবলৈ পোৱা গ’ল কৃত্ৰিম বান । কৃত্ৰিম বানৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে মহানগৰৰ জন-জীৱন ৷ নিজ নিজ কৰ্মস্থলীলৈ ওলাই অহা প্ৰতিজনে লোকেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে কৃত্ৰিম বানৰ ফলত ।

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ আভিজাত্য

উল্লেখযোগ্য যে, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা ৰোধৰ বাবে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও আঁচনি সমূহ সফল ৰূপায়ণৰ অভাৱত কৃত্ৰিম বান সমস্যা বর্তমানো জৰ্জৰিত হৈ আছে গুৱাহাটী মহানগৰ । এজাক বৰষুণতে গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানত ডুব যোৱাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে ।

লগতে পঢ়কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাতো ১২ টা মাটিৰ দালাল আটক

বিশেষকৈ কৃত্ৰিম বানৰ কবলত পৰে নাৰেংগী- চন্দ্ৰপুৰ সংযোগী মূল ৰাজপথ, নাৰেংগী-ছয় মাইল সংযোগী মূল ৰাজপথ, নাৰেংগী বজাৰ আদিকে ধৰি বহু অঞ্চলত একাঁঠু পৰ্যন্ত পানী হোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰে । কৃত্ৰিম বানৰ ফলত নাৰেংগী-চন্দ্ৰপুৰ পথ, পথৰকোৱাৰী ভিআইপিপথত প্ৰায় কেইবা ঘণ্টা ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে, বৰষুণৰ পানী ওলাই যোৱাৰ বাবে বিজ্ঞানসন্মত নলা নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাত ভুগি আহিছে নাৰেংগী, পাথৰ কুঁৱেৰী, বৰবাৰী, মেগজিনৰ অঞ্চলৰ ৰাইজ । সেয়ে অঞ্চলসমূহৰ ভুক্তভোগী ৰাইজে কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী পৌৰ নিগম, লোকনিৰ্মাণ বিভাগক তথা চৰকাৰক দাবী জনোৱা দেখা গৈছে ।

লগতে পঢ়কঃ চৰকাৰৰ বিৰুদ্ধে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.