গুৱাহাটী, ১৫ মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰত্যক্ষ বাকযুদ্ধত সদন উত্তপ্ত হৈ পৰে । সদনত আজি অধ্যক্ষ যথেষ্ট উত্তেজিত হৈ অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় । যাকলৈ বিৰোধী বিধায়কসলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
সদনত অখিল গগৈয়ে পইণ্ট অব অৰ্ডাৰত বিষয় এটা উত্থাপন কৰিব বিচাৰিছিল । যাক কেন্দ্ৰ কৰি অধ্যক্ষ আৰু অখিল গগৈৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় । অখিল গগৈক উদ্দেশ্যি অধ্যক্ষই কয় যে, আপুনি কাজিয়া কৰি ভাল পায়, কিন্তু কাজিয়া কৰিবলৈ হাউচ লৈ নাহিব । প্ৰত্যুত্তৰত অখিল গগৈয়ে প্ৰশ্ন কৰি কয় যে, আপুনি কাজিয়া শব্দটো ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে, এইটো অসংসদীয় (Argumentation between Speaker and MLA Akhhil Gogoi)।
অখিল গগৈয়ে লগতে কয় -' আপুনি কিয় এনে ব্যৱহাৰ কৰিছে, মইতো কৰা নাই । আপুনি প্ৰতিশোধ পৰায়ণ হিচাপে কথাখিনি নল'ব, আপুনি নিৰপেক্ষ মানুহ । আপুনি এজনক এনেদৰে টাৰ্গেট কৰি থাকিলে নহ'ব ।' অখিল গগৈয়ে কয় যে, আপুনি অন্যায় কথা কৈছে, এজন অধ্যক্ষই এনে কথা কোৱা উচিত নহয় । তীব্ৰ বাকযুদ্ধৰ মাজতে অধ্যক্ষই কয় যে, আপুনি কাজিয়া কৰি ভাল পায়, কিন্তু সদন কাজিয়া কৰাৰ বাবে নহয় । আপুনি আঙুলি টোৱাই কথা নক'ব বুলি কৈ অধ্যক্ষই অখিল গগৈক কয় যে, আৰে বাবা আপুনি ক'ৰ পৰা আহিছে, অসমৰ লৰা হয় নে নহয় । অসমৰ বিধানসভাৰ বিষয়ে একো নাজানে নেকি । অখিক গগৈক লক্ষ্য কৰি লৈ অধ্যক্ষই কয়-' মই তেনেকুৱা অধ্যক্ষ নহয় যে কোনোৱাই কিবা ক'লে গাত নালাগে । মোৰ গাত লাগে । যদি কোনোৱা গৰম হয়, ময়ো গৰম হ'ম । চিধা কথা । অখিল গগৈৰ মতে বিধানসভা নচলে আৰু অধ্যক্ষ নচলে ।' তৰ্ক-বিতৰ্ক দীঘলীয়া হৈ পৰাত অধ্যক্ষই দ্বিতীয়বাৰৰ বাবে ১০ মিনিটলৈ সদন স্থগিত ৰাখে ।
উল্লেখ্য যে, হুলস্থূলীয়া পৰিৱেশ((Tense situation in Assembly session)ৰ বাবে আজি অধ্যক্ষই দহ মিনিটকৈ বিছ মিনিটৰ বাবে দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয় । অধ্যক্ষ আৰু অখিল গগৈৰ মাজত হোৱা প্ৰত্যক্ষ বাক-বিতণ্ডাৰ বাবে এবাৰ ১০ মিনিটৰ বাবে সদন স্থগিত ৰখা হয় । প্ৰথমতে প্ৰশ্নকালীন ঘণ্টাত অংগনৱাড়ী কেন্দ্ৰক মডেল কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে গঠন কৰা কমিটীত বাহিৰৰ মানুহ কিয় অন্তৰ্ভুক্ত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক জাকিৰ হুছেইন শিকদাৰে । ইয়াকে লৈ সদনত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ফলত ১০ মিনিটৰ বাবে অধ্যক্ষই সদন স্থগিত ৰখাৰ ঘোষণা কৰে । জাকিৰ হুছেইন শিকদাৰে অভিভাৱক মন্ত্ৰীয়ে যি মন যায় তাকে কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰাত এইক্ষেত্ৰত অখিল গগৈকে ধৰি বিৰোধীয়ে সহযোগ কৰে । বিৰোধী বিধায়কসকল অধ্যক্ষৰ ওচৰলৈ আহি হুলস্থূল কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰাত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।
উল্লেখ যে অধিৱেশৰ প্ৰথম দিনা ৰাজ্যপালৰ ভাষণৰ সময়ত অখিল গগৈয়ে এক লাখ নিযুক্তিৰ প্ৰসংগকলৈ প্ৰতিবাদ কৰাৰ বাবে তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল । আজিও অধ্যক্ষ আৰু অখিল গগৈৰ বাকযুদ্ধত সদন উত্তপ্ত হৈ পৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে, অধ্যক্ষ আৰু অখিল গগৈ দুয়োজনেই ধৈৰ্য ধৰিব লাগে । দুয়োজনৰে কিছু সহনশীলতাৰ অভাৱ হৈছে । অধ্যক্ষ অধিক কঠোৰ হোৱাৰ বিপৰীতে অন্য ধৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলে ভাল হ'লহেতেন বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, সদন সদনৰ নিয়ম মতেই চলা উচিত ।
লগতে পঢ়ক: অখিল গগৈৰ মতে নচলে সদন : বিশ্বজিৎ দৈমাৰী