ETV Bharat / state

NRC-ত এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ ব্যৱহাৰৰ অভিযোগ ! - NRC কামকাজৰ বাবে নিযুক্তি

'১৬০০ কোটি টকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত অপব্যয় কৰিছে হাজেলাই ৷ NRC কামকাজৰ বাবে নিযুক্তি দিয়া হৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক ৷ এই বিষয়াসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ক্ষেত্ৰতো দুৰ্নীতি হোৱাৰ তথ্য উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই ৷

গুৱাহাটী
NRC ত ব্যৱহাৰ হৈছিল এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ !
author img

By

Published : Nov 28, 2019, 7:51 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : প্ৰাক্তন NRC সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ বৃহস্পতিবাৰে অসম পাব্লিক ওৱৰ্কছে গুৱাহাটীৰ গড়চুকস্থিত CBI কাৰ্যালয়ত দাখিল কৰিলে এজাহাৰ ৷ এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা বার্তালপত কয়, '১৬০০ কোটি টকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত অপব্যয় কৰিছে হাজেলাই ৷ NRC কামকাজৰ বাবে নিযুক্তি দিয়া হৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক ৷ এই বিষয়াসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ক্ষেত্ৰতো দুৰ্নীতি হোৱাৰ তথ্য উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে ।

NRC ত ব্যৱহাৰ হৈছিল এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ !

তাৰোপৰি NRC কাম কাজৰ বাবে ক্ৰয় কৰা হৈছিল ১০ হাজাৰ লেপটপ ৷ ইয়াৰে এটা লেপটপ ৪৪০০০ টকাত ক্ৰয় কৰা বুলি প্ৰতীক হাজেলাই দেখুৱাইছিল যদিও ইয়াৰ বজাৰ মূল্য ২২,৫০০ টকা ৷ আনহাতে, ১১০০০ ইলেকট্ৰিক জেনেৰেটৰ বজাৰ মূল্যতকৈ অধিক দামত ক্ৰয় কৰা বুলি দেখুৱাই প্ৰতীক হাজেলাই ৷ যাৰ বাবে এই সকলো অভিযোগ সামৰি CBI ত গোচৰ দাখিল কৰিছে সংগঠনটোৱে ।

ইয়াৰ লগতে শৰ্মাই কয়, 'মিনিস্ত্ৰী অফ ল', ৰেজিষ্টাৰ্ড ইন জেনেৰেলক অৱগত নকৰাকৈ হাজেলাই বে-আইনীভাৱে প্ৰাইভেট কাউঞ্চিলক নিযুক্তি দিছিল । NRC ৰ কাম-কাজৰ বাবে পাঁচটা ছফ্টৱেৰ কোম্পানীক দায়িত্ব দিয়া হৈছিল যদিও এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ বনোৱাৰ তথ্য লাভ কৰিছে সংগঠনটোৱে । NRC ৰ চূড়ান্ত তালিকাত বহু জেহাদী, বাংলাদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে । যাৰ বাবে সমগ্ৰ ঘটনাৰ ওপৰত অনাগত দিনত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিব এ পি ডব্লিউৱে ।

এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই আগন্তুক দিনত নিয়া (N I A) ক ধৰি আন আন বিভাগত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে ।

আৰু পঢ়কঃ এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

Intro:এন আৰ চিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি চি বি আইত এ পি ডব্লিউৰ এজাহাৰ

Body: বৃহস্পতিবাৰে অসম পাব্লিক ওৱৰ্কছে গুৱাহাটীৰ গৰচুকস্থিত চি বি আই কাৰ্যালয় পূৰ্ব এনে আৰ চি সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই ই টি ভি ভাৰতৰ সাংবাদিকৰে হোৱা বার্তালপত কয় '১৬০০ কোটি টকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত হাজেলাই দুৰ্ব্যৱহাৰ কৰি অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক বহু পৰিশ্ৰমিকৰে নিযুক্তি দিছিল। ইয়াৰোপৰি বিষয়াজনক বাহন ক্ৰয় কৰা, এন আৰ চি কাম কাজৰ বাবে ক্ৰয় কৰা ১০ হাজাৰ লেপটপ ২২,৫০০ টকাৰ পৰিৱৰ্তে ৪৪০০০ টকাত ক্ৰয় কৰা, ১১০০০ ইলেকট্ৰিক জেনেৰেটৰ বজাৰ মূল্যতকৈ অধিক মূল্যত ক্ৰয় কৰাৰ সন্দৰ্ভত আমি চি বি আইত এজাহাৰ দাখিল কৰিছো'।

লগতে শৰ্মাই কয় 'মিনিস্ত্ৰী অফ ল', ৰেজিষ্টাৰ্ড ইন জেনেৰেলক অৱগত নকৰাকৈ হাজেলাই বেআইনীভাৱে প্ৰাইভেট কাউঞ্চিলক নিযুক্তি দিছিল। এন আৰ চিৰ কাম কাজৰ বাবে পাঁচটা ছফ্টৱেৰ কোম্পানীক কাম দিয়া হৈছিল। কিন্তু এশতকৈ অধিক দুপ্লিকেট ছফ্টৱেৰ বনোৱা হৈছিল। লগতে এন আৰ চিৰ চূড়ান্ত প্ৰকাশত বহু জেহাদী, বাংলাদেশীৰ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সমগ্ৰ ঘটনাৰ ওপৰত অনাগত দিনত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিম। আজি আমি চি বি আইত প্ৰথমখন এজাহাৰ দাখিল কৰিছো, আগন্তুক দিনত নিয়া(N I A) ক ধৰি আন আন বিভাগত মুঠ পাঁচটাকৈ এজাহাৰ দাখিল কৰিম'।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.