ETV Bharat / state

হাইকমাণ্ডৰ নীতিত অসন্তুষ্ট হৈ কংগ্ৰেছ ত্যাগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 3:53 PM IST

Updated : Jan 13, 2024, 4:43 PM IST

Apurba Kumar Bhattacharjee: কংগ্ৰেছ দলৰ বিৰুদ্ধে বহু ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ দলৰ হাইকমাণ্ডৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই দলটোৰ বাবে যথেষ্ট কৰি থকা বুলিও মন্তব্য কৰে সদ্য কংগ্ৰেছত্যাগী ৰাজনৈতিক নেতাগৰাকীয়ে ৷

Apurba Kumar Bhattacharjee
কংগ্ৰেছ ত্যাগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

কংগ্ৰেছ ত্যাগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

গুৱাহাটী, ১৩ জানুৱাৰী : অৱশেষত কংগ্ৰেছ ত্যাগ কৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । শনিবাৰে পুৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । ৰাজীৱ ভৱনত গৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উদ্দেশ্যে লিখা পদত্যাগ পত্ৰখন জমা দি উভতনি যাত্ৰা কৰে ১১ বছৰ সময় কংগ্ৰেছত কটোৱা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

১১ বছৰ পূৰ্বে অগপ দল এৰি কংগ্ৰেছলৈ যোৱা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই পুনৰ অগপলৈ উভতি অহাৰ পথ মুকলি ৰাখিছে বুলি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সদৰী কৰে । সংবাদমেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই নিজৰ স্থিতি স্পষ্ট কৰি কয়, ‘‘ ২০১৩ চনৰ ৩১ জুলাইত তৰুণ গগৈৰ আহ্বান মতে অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিলো । সোঁতৰ বিপৰীতে গৈ গণতান্ত্ৰিক পৰিৱেশ থকাৰ কথা ভাবি কংগ্ৰেছত খোজ দিছিলোঁ । ১৩ বছৰে দলৰ ক্ষতিকাৰক কামৰ‌ লগত জড়িত নাছিলোঁ । দলৰ দায়িত্ব নিষ্ঠাৰে পালন‌ কৰিছিলোঁ ।’’

তেওঁ কয়, ‘‘ বহুতে কৈছিল কংগ্ৰেছত পাৰিবনে? মই তৰুণ গগৈৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ । মই কেবাটাও নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপালো । তেজপুৰ বিধানসভাৰ বাবে ২০২১ চনত আৱেদন কৰিও প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিলোঁ । কিন্তু দলক বিশ্বাসঘাতকতা কৰা নাছিলো ।‌ ২০২১ চনত দলৰ হৈ প্ৰচাৰ কৰিছিলো । দল পৰাজয়ৰ মুখামুখি হৈছিল । যোৱা ৮ জানুৱাৰীত ডিমা হাছাওৰ নিৰ্বাচনত এমাহ ধৰি তত্বাবধায়কৰ কাম কৰিছিলো । কিন্তু দুৰ্ভাগ্যৰ কথা যে দলৰ সভাপতিৰ বাহিৰে জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ কৰা নেদেখিলো ।’’

এইবোৰ কাৰণৰ বাবে দলৰ জনপ্ৰিয়তা হ্ৰাস হৈছে বুলি মন্তব্য কৰি সদ্য কংগ্ৰেছত্যাগী অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে কংগ্ৰেছ দলত স্বয়ং সভাপতিয়ে দিয়া পৰামৰ্শও নাখাটে ৷ ভূপেন বৰাই দলটোৰ বাবে যথেষ্ট কষ্ট কৰিছে আৰু কৰিও আছে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া যে জীতেন্দ্ৰ সিং আদিক দোষাৰোপ কৰে ৷ আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়, ‘‘ মোক নিৰ্বাচিনৰ নীতি নিৰ্ধাৰণ কমিটীৰ পৰা আঁতৰাই ৰখাৰ কৌশল গ্ৰহণ কৰিলে দলে । গতিকে অৱহেলিত হৈ থকাতকৈ নিজেই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লোঁ ।’’ বিগত চাৰিটা নিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্ব লাভ নকৰাৰ কথা কৈ আক্ষেপ প্ৰকাশ কৰি কয় যে দলে তেওঁক যোগ্য বুলি নাভাবিলে ৷ গতিকে যি স্থানত বিশ্বাস নথাকে, আস্থা নাথাকে, মৰ্যদা নাথাকে তাত থকা উচিত নহয়‌ বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

কংগ্ৰেছৰে থকা ১১ বছৰীয়া সম্পৰ্ক ছেদ কৰিলোঁ বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘ অগপ দলৰ পৰা আহ্বান‌ আহিছে । দুদিনৰ ভিতৰত সিদ্ধান্ত চূড়ান্ত কৰিম । অগপৰ নেতৃত্ব সলনি হৈছে ।‌ গতিকে যোৱাৰ পথ আছে ।’’ কংগ্ৰেছৰ হাইকামাণ্ড নীতিৰ সমালোচনা কৰি কয় ভট্টই কয়, ‘‘ কংগ্ৰেছৰ দিল্লীৰ নেতাসকল দায়ী অসমত কংগ্ৰেছৰ আজিৰ এই দুৰৱস্থাৰ বাবে । অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙেই সৰ্বেসৰ্বা । সভাপতি ভূপেন‌ বৰা‌ৰ কোনো শক্তি নাই ।" কংগ্ৰেছৰ দলীয় কৰ্মীক ন্যায় দিয়াৰ পিচতহে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: বিহু খায়েই পুৰণি ঘৰলৈ ঢাপলি মেলিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

Last Updated : Jan 13, 2024, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.