ETV Bharat / state

Appointment Letter Distribution Ceremony: পুনৰ ৩৫ টা বিভাগত ৫১৪ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৫১৪ গৰাকী প্ৰাৰ্থীক দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই দুখীয়া দৰিদ্ৰসকলৰ হকে কাম কৰিবলৈ আহ্বান জনায় নিযুক্তি পত্ৰ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক ৷

Appointment Letter Distribution Ceremony
কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 7:45 PM IST

৫১৪ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: এক লাখ নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৷ ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি সম পৰিমাণৰ কাট-অফ লাভ কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গত ৫১৪ গৰাকী প্ৰাৰ্থীক দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

ইয়াৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৯০ গৰাকী, লোকনিৰ্মাণ বিভাগত ৭৭ গৰাকী, বিদ্যালয় শিক্ষা বিভাগত ১৪০ গৰাকী, জল সম্পদ বিভাগত ৪১ গৰাকী, উচ্চ শিক্ষাৰ ১২ গৰাকী আৰু জনজাতি পৰিক্ৰমাৰ ৬ গৰাকীয়ে ধৰি আন আন বিভাগ সমূহতো বিভিন্ন জনে নিযুক্তি পত্ৰ লাভ কৰে ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটত ১ লাখ নিযুক্তি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷ পিছে, চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত এবছৰৰ ভিতৰত ক’ভিড মহামাৰীৰ বাবে বা অন্যান্য কাৰণত সম্পন্ন কৰিব পৰা নাছিল যদিও দুবছৰৰ ভিতৰত ৮৬ হাজাৰ ৮ শ ৮৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ সক্ষম হয় ৷

শেহতীয়াকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ ভিতৰত ৮৩৫ গৰাকী প্ৰাৰ্থীয়ে একে নম্বৰ পোৱাৰ পিছতো নিযুক্তি প্ৰদান কৰিব পৰা নাছিল ৷ কিয়নো জেষ্ঠতাৰ ভিত্তিত একে নম্বৰ লাভ কৰা প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ একে নম্বৰ লাভ কৰা প্ৰাৰ্থীসমূহক নিযুক্তি প্ৰদান কৰিবলৈ এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি ৫১৪ গৰাকী প্ৰাৰ্থীৰ নিযুক্তি তালিকা প্ৰস্তুত কৰি ইয়াৰে তৃতীয় বৰ্গৰ ৫৯ গৰাকী চতুৰ্থ বৰ্গৰ ৪৫৫ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া দৰিদ্ৰসকলৰ হকে কাম কৰিবলৈ আহ্বান জনায় নিযুক্তি পত্ৰ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক ৷ লগতে কয় যে মেধা আৰু ভাগ্যৰ বলত হৈছে আজিৰ নিযুক্তি ৷ যিসকল ভগৱানৰ বিশেষ সন্তান তেওঁলোকে এনে সুবিধা লাভ কৰে ৷ ভগৱানৰ আশীষ নহ’লে মই মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলো হয় ৷ লগতে চলিত বৰ্ষৰ ছেপ্টেম্বৰত আৰু ২২ হাজাৰ পদ ওলাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷

এই অনুস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ পল্লৱ লোচন দাস, ৰাজ্য চৰকাৰৰ মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : MLA Atul Bora on Price Hike: খাদ্য খোৱাৰ নতুন ৰেছিপি দিলে বিধায়ক অতুল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.