ETV Bharat / state

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ৰাজ ভৱনৰ সন্মুখত APCC ৰ প্ৰতিবাদ - অসম প্ৰদেশ কংগ্ৰেছ কমিটি

পুনৰ প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ এইবাৰ দিল্লী আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজভৱনত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (APCC protest in front of Raj Bhawan in Guwahati) ৷

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ৰাজ ভৱনৰ সন্মুখত APCC ৰ প্ৰতিবাদ

author img

By

Published : Jun 16, 2022, 6:30 PM IST

Updated : Jun 16, 2022, 6:55 PM IST

গুৱাহাটী, 16 জুন : প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজ ভৱনৰ চৌহদ (APCC protest in Guwahati)৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে অত্যাচাৰ তথা ষড়যন্ত্ৰ কৰি আছে ৷

আনকি বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত সোমাই দিল্লী পুলিচে চলাইছিল অত্যাচাৰ ৷ এই অভিযোগ কংগ্ৰেছ কৰ্মীসকলৰ ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে (APCC protest in front of Raj Bhawan in Guwahati)।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ লগতে দলৰ সকলো ভাতৃ-ভগ্নী সংগঠন, কোষ তথা বিভাগৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকল পুৱা 11 বজাত ৰাজ ভৱনৰ সম্মুখত মিলিত হয় ।

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ৰাজ ভৱনৰ সন্মুখত APCC ৰ প্ৰতিবাদ

তাৰ পাচত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মেডিয়া অধ্যক্ষ মণজিৎ মহন্তৰ নেতৃত্বত ৰাজ ভৱন অভিমুখে প্ৰতিবাদকাৰীসকলে সমদল উলিয়ায় ৷

কিন্তু পূৰ্বৰে পৰা ৰাজ ভৱনৰ সম্মুখত খাপ পিটি থকা আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বেৰিকেড দি বাধা প্ৰদান কৰে । প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয় । তাৰ পাচত আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আটক কৰে ৷

তাৰ পাচত এই প্ৰতিবাদস্থলীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই আৰক্ষীৰ বৰ্বৰ আচৰণক গৰিহণা দিয়ে । লগতে তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই আৰক্ষীৰ দ্বাৰা ৰাজ্যত গুণ্ডাৰাজ চলাইছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই গণতন্ত্ৰক ভৰিৰে মোহাৰিছে’’ ।

ইফালে এই বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত বিয়লি প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদাসীন মনোভাৱৰ প্ৰতিবাদত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি: আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

Last Updated : Jun 16, 2022, 6:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.