গুৱাহাটী, 20 আগষ্ট : বিজেপিৰ নতুন কাৰ্যালয়ৰ ৰং-তেলৰ গোন্ধ মাৰ নৌযাওঁতেই নাৰী কেলেংকাৰী আৰু চাকৰি দুৰ্নীতিৰ দুৰ্গন্ধ ওলাল ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বর্ণালী ফুকনৰ ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷
সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বর্ণালী ফুকনে লগতে কয় যে, খোদ বিজেপিৰ ৰাজ্যিক নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰক বলপূৰ্বক মেঘালয়ৰ হোটেললৈ উঠাই নি দুৱাৰ বন্ধ কৰি, মূৰত বন্দুক লগাই অত্যাচাৰ কৰি ম’বাইল কাঢ়ি ফটো ভাইৰেল কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰিলে আৰু সেই বিজেপিয়ে বেটী বচাও শ্লোগান দিয়ে ৷
তেওঁ কয় যে, বিজেপিৰ সভাপতি নিজেই ছিণ্ডিকেট, নাৰী কেলেংকাৰী, চাকৰিৰ দুৰ্নীতিত জড়িত ৷ লগতে মুখ্যমন্ত্ৰী অসমখন কিনি লোৱাৰ দৌৰত ব্যস্ত ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী সাগৰিকা বৰাই বিজেপিৰ শাসন কালত বিজেপি নেতাৰ দ্বাৰা সংঘটিত হোৱা নাৰীজনিত অপৰাধ সমূহৰ ওপৰত আলোকপাত কৰি, বিজেপি বিধায়ক কুলদ্বীপ সিং চেংগাৰৰ উন্নাও ধৰ্ষণ কাণ্ড, বিজেপি সাংসদ ব্ৰীজভূষণে কৰা যৌন শোষণ, মণিপুৰকাণ্ড, তিনিচুকীয়াৰ বৰডুবি ধর্ষণকাণ্ড, বিলকিছ বানুৰ প্ৰসংগ উত্থাপন কৰি এই সকলো ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷
ইফালে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা (সাংগঠনিক) পূৰ্ব্বশ্ৰী গগৈয়ে এই সকলোবোৰ নাৰীজনিত অপৰাধৰ ন্যায়িক তদন্তৰ দাবী কৰে ৷ অন্যথা যুৱ কংগ্ৰেছে মহিলা সুৰক্ষাৰ স্বাৰ্থত বিজেপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা মৌচুমী নেওগে বিজেপি কৰ্মীৰ দ্বাৰা চাকৰিত ধনৰ লেনদেন হোৱাৰ তথ্য দাঙি ধৰে ৷ লগতে বিজেপিয়ে মহিলাক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যর্থ হোৱা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে ৷
উল্লেখ্য যে, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই কঁপনি তুলিছে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত ৷ এই ঘটনাৰে নাম সাঙোৰ খাইছে কেইবাজনো বিজেপিৰ নেতা-পালিনেতাৰ ৷ ইতিমধ্যে এই ঘটনাৰে নাম সাঙোৰ খোৱা দ্বীবন ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ দ্বীবন ডেকাৰ পাছতে শনিবাৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰু দুজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছে ৷
লগতে পঢ়ক : Internal conflict in BJP: কোন বিজেপি নেতাক কুপুত্ৰৰ সৈতে তুলনা কৰিলে জ্যেষ্ঠ নেতা অশোক শৰ্মাই ?