গুৱাহাটী, 24 ছেপ্তেম্বৰঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে এতিয়া অবাধ হাৰত সংঘটিত হৈছে দুৰ্নীতি । বিজেপি চৰকাৰৰ দিনত নিযুক্তিৰ ক্ষেত্ৰত এটা পৰীক্ষাও নিকা আৰু স্বচ্ছ ভাৱে পাতিব পৰা নাই। পৰীক্ষাৰ প্ৰসংগ আহিলেই এতিয়া কেৱল দুৰ্নীতি আৰু অনিয়ম সংঘটিত হয়। নিযুক্তিৰ ক্ষেত্ৰত এইখন চৰকাৰ চূড়ান্ত ব্যৰ্থ। এতিয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিলে পৰীক্ষাতকৈ আগতেই প্ৰশ্ন কাকত ফাদিল হয়। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা।
লগতে পঢ়কঃ ৰাজ্যজুৰি আছুৰ প্ৰতিবাদঃ ৰাজ্যৰ চুকে-কোনে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি
আনহাতে শেহতীয়াকৈ সংসদত গৃহীত হোৱা কৃষি বিলখনকলৈও সৰৱ হোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক। ৰিপুণ বৰাৰ দাবী' "জন্ম লগ্নৰে পৰা কংগ্ৰেছে কৃষকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে। লগতে কৃষকৰ সৰ্বাংগীণ বিকাশৰ বাবে কংগ্ৰেছে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিভিন্ন আঁচনিৰ জড়িয়তে কংগ্ৰেছে কৃষকক আত্মনিৰ্ভৰশীল কৰাৰ চেষ্টা কৰি আহিছে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে উভয় সদনত বিভিন্ন কথাৰ দোহাই দি তিনিখনকৈ বিল সংসদীয় গণতন্ত্ৰৰ সকলো পৰম্পৰা ভংগ কৰি বিৰোধীৰ কণ্ঠ ৰোধ কৰি স্বৈৰাচাৰী ভাৱে গ্ৰহণ কৰিলে। এই বিল সম্পূৰ্ণ কৃষক বিৰোধী। কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে সদায় মাত মাতি যাব। আমি কংগ্ৰেছ দলে এই বিল বাতিলৰ দাবীত আজিৰে পৰা অহা ১৪ ,অক্টোবৰ তাৰিখলৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম"
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদমেলতে ৰিপুণ বৰাৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মণ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনকে আদি কৰি ভালেকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা।