গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: ‘‘অসমৰ পুলিচে আজি যি কাণ্ড কৰিলে তাৰ বাবে অসমৰ মান-সন্মান দেশত লঘু হৈ পৰিছে ।’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC President reaction regarding Delhi case) । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে অসমৰ ডিমা হাচাওত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আজি অসম আৰক্ষীৰ আহ্বানমৰ্মে দিল্লী আৰক্ষীয়ে দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাক (Congress leader Pawan Khera arrested) । অৱশ্যে গ্ৰেপ্তাৰৰ এঘণ্টাৰ ভিতৰতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ।
উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ প্ৰদেশ আৰক্ষীক খেৰাৰ বিৰুদ্ধে সকলো এজাহাৰ সংগ্ৰহ কৰিবলৈ জাননী জাৰি কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen kumar Borah) । তেওঁ কয় যে, অসমৰ গণতান্ত্রিক পৰম্পৰা তথা সাংস্কৃতিবান জাতি হিচাপে থকা পৰিচয় অসম পুলিচৰ কৰ্মকাণ্ডই লাভৱ কৰিছে । অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক চক্ৰান্তৰ বাবে আজি অসমীয়া মানুহৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত লাগিছে ।
তেওঁ লগতে কয় যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই কোনো দেশদ্ৰোহী কাম কৰা নাছিল (Pawan Khera remarks on PM Modi) । দেশদ্ৰোহী কাম কৰি কোনো চাৰ্টাৰ্ড ফ্লাইট লৈ বিদেশলৈ পলাই যাবলৈ চেষ্টা কৰা নাছিল । ৰায়পুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগা কংগ্ৰেছৰ অধিৱেশনত অংশ লোৱাৰ বাবে ইণ্ডিগ' ফ্লাইট যোগে ৰায়পুৰলৈ যাবলৈ ওলাইছিল । কিন্তু নেতাগৰাকীক দিল্লী বিমানবন্দৰত আচম্বিতে গ্ৰেপ্তাৰ কৰা হয় । এই কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি তেওঁ কয় যে, কোনোবা এজন সন্ত্রাসবাদীয়ে যদি সংসদত বোমা দি পাকিস্তানলৈ পলাই যায় তেতিয়া ইমান খৰখেদাকৈ ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব নে নাই সন্দেহ আছে । এনেধৰণৰ নিকৃষ্ট পন্থাৰে বিজেপি চৰকাৰে কংগ্ৰেছৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে বুলি তেওঁ কয় ।
তেওঁ লগতে প্ৰশ্ন কৰি কয় যে, সাংসদ বদৰুদ্দিন আজমলে অসমীয়া মহিলাৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যৰ (MP Badruddin Ajmal's remarks against Hindu women) বাবে ৰাজ্যৰ বিভিন্ন থানাত ৩৯ টা গোচৰ ৰুজু হোৱাৰ পিচতো কিয় গ্ৰেপ্তাৰ কৰা নহ'ল । আনহাতে ৰাহুল গান্ধীৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্রীয়ে (Assam CM Controversial remarks) কৰা অশালীন মন্তব্যৰ ক্ষেত্রত অসম পুলিচে কংগ্ৰেছে দিয়া গোচৰ ৰুজু কৰা নাছিল বুলি অভিযোগ কৰি তেওঁ কয় যে, পৱন খেৰাই তেনে কোনো অশালীন মন্তব্য কৰা নাছিল । তেওঁ কয় যে অসম পুলিচ এতিয়া বিজেপিৰ বহতীয়ালৈ ৰূপান্তৰিত হৈছে । অসম পুলিচক তেওঁ নীতিগতভাৱে কাম কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: Pawan khera got interim bail: কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ