ETV Bharat / state

Internal Conflict in Assam Congress: কিবা এটা কোৱাৰ আগতে ভূপেন বৰাক সুধি ল’ব লাগিব কংগ্ৰেছ কৰ্মীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:32 PM IST

এতিয়াৰে পৰা যি ক’ব ভূপেন বৰাইহে ক’ব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ আন কোনো নেতা-কৰ্মীয়ে কিবা এটা কোৱাৰ আগত ভূপেন বৰাৰ অনুমতি লৈ ল’ব লাগিব ৷ শুকুৰবাৰে এই নিৰ্দেশনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷

Internal Conflict in Assam Congress
কিবা এটা কোৱাৰ আগত ভূপেন বৰাক সুধি ল’ব লাগিব কংগ্ৰেছ কৰ্মীয়ে

গুৱাহাটী, ৬ অক্টোবৰ : লোকসভা নিৰ্বাচনৰ সমাগত সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে অন্তঃকলহ ৷ বি জে পি চৰকাৰৰ অমৃত কলহ যাত্ৰাক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে অন্তঃকলহ ৷‌ বি জে পি চৰকাৰৰ অমৃত কলহ যাত্ৰাক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা অন্তঃকলহৰ‌ বাবে কংগ্ৰেছৰ একাংশ নেতা আৰু বিধায়কৰ মাজত সৃষ্টি হৈছে শীতল যুদ্ধ ৷ যাৰ বাবে এই শীতল যুদ্ধ শান্ত কৰাৰ‌ বাবে অসম প্ৰদেশ‌ কংগ্ৰেছৰ সভাপতি‌ ভূপেন বৰাই শুকুৰবাৰে আবেলি অসম প্ৰদেশ কংগ্ৰেছৰ সকলো দলীয় নেতা-কৰ্মীলৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ।

অসম প্ৰদেশ‌ কংগ্ৰেছৰ সভাপতিৰ‌‌ অনুমতি অবিহনে অসম প্ৰদেশ কংগ্ৰেছৰ কোনো দলীয় নেতা-কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দিব নোৱাৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি‌ ভূপেন বৰাই লিখিত নিৰ্দেশনা জাৰি‌ কৰিছে । উল্লেখ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীৰ মন্তব্যৰ পিছতে কঠোৰ হয়‌ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি‌ ভূপেন বৰা । এই নিদৰ্শনাৰ পিছত দলীয় আভ্যন্তৰীণ বিষয়ত মুখ খুলিব নোৱাৰিব কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷ কিবা থাকিলে লিখিত বা মৌখিকভাৱে জনাব পাৰিব সভাপতিক ।

উল্লেখযোগ্য যে, বি জে পিৰ 'অমৃত কলহ যাত্ৰা'ত অংশ লোৱা কংগ্ৰেছৰ বিধায়ক সন্দৰ্ভত সংবাদ‌ মাধ্যমৰ আগত মন্তব্য কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে কৈছিল -‘‘কংগ্ৰেছত দুই তাল মৰা নেতা নালাগে ।’’ দল বিৰোধী কাৰ্যকলাপত জড়িত বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল ৰাণা গোস্বামীয়ে । তেওঁ কৈছিল- ‘‘এই ধৰণৰ কংগ্ৰেছীৰ বিৰুদ্ধে অহা ১১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ বৈঠকত উত্থাপন কৰা হ'ব ।’’

উল্লেখ্য, কংগ্ৰেছৰ কেবাজনো বিধায়ক যেনে- বিধায়ক ৰেকিবুদ্দিন আহমেদ, তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই বি জে পিৰ 'অমৃত কলহ যাত্ৰা'ত অংশ লৈছিল । ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱালৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । লক্ষ্যণীয় যে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ দল বিৰোধী কামৰ লগত জড়িত থকাৰ সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰচ’ৰাত বিভিন্ন অভিযোগ উত্থাপিত হৈ‌ আহিছে ।‌ ইতিমধ্যে কেইমাহমান‌ পূৰ্বে বিষোদগাৰ‌ কৰি ৰাণা গোস্বামীয়ে চছিয়েল মিডিয়াৰ জৰিয়তে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম উল্লেখ নকৰাকৈ তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ‌ কৰিছিল ।

লগতে পঢ়ক: Assam Congress: অসম কংগ্ৰেছত এতিয়াও আছে ঘৰশত্ৰু বিভীষণ; তৎ হেৰাইছে দলীয় নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.