ETV Bharat / state

Bhupen Borah on Raghav Movie : শ্ৰীৰঘূপতি হিট হ’ল, কিয় হিট হোৱা নাই ৰাঘৱ ? ক’লে ভূপেন বৰাই

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:34 PM IST

ভূপেন বৰাই হিট কৰি দিব ৰাঘৱ ছবিখন ৷ যদিহে ছবিৰ নায়ক, প্ৰযোজক যতীন বৰাই বিজেপি দল ত্যাগ কৰে ৷ বৰাৰ মতে- হিমন্ত বিশ্ব শৰ্মাই যদি চেষ্টা কৰে 10 লাখ দৰ্শকে ৰাঘৱ চাব চাব আৰু ভূপেন বৰাই চেষ্টা কৰিলে 1 কোটি দৰ্শকে ৰাঘৱ চাব ৷

Bhupen Borah on Raghav Movie
ৰাঘৱ আৰু যতীন বৰাৰ সন্দৰ্ভত ভূপেন বৰা
ৰাঘৱ আৰু যতীন বৰাৰ সন্দৰ্ভত ভূপেন বৰা

গুৱাহাটী, 30 অক্টোবৰ : "বয়কট ৰাঘৱ, বয়কট যতীন বৰা"এয়া আমাৰ মন্তব্য নহয় । সমাজিক মাধ্যমত এতিয়া অসমীয়া ছবি ৰাঘৱক বয়কট কৰাৰ জোৱাৰ উঠিছে । একাংশই যদি ছবিখন বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আন একাংশই আকৌ ছবিখন নোচোৱাৰ সিদ্ধান্ত কৰিছে । বিপৰীতে আন একাংশই আকৌ ৰাঘৱ চাই অসমীয়া ছবিজগতক আগুৱাই নিবলৈও আহ্বান জনাইছে ।

ৰাঘৱক লৈ বিতৰ্ক চলি থকাৰ মাজতেই অসমীয়া ছবি ‘ৰাঘৱ’ক লৈ প্ৰতিক্ৰিয়া APCCৰ সভাপতি ভূপেন বৰাৰ । বৰাই মন্তব্য কৰে- ‘‘বিজেপিৰ লগত থকাৰ কাৰণে অসমৰ ছুপাৰষ্টাৰৰ চিনেমা ফ্লপ হৈ গৈছে । কেৱল অসমৰে নহয়, বলিউডৰো কংগনা ৰানাৱট, অক্ষয় কুমাৰৰ চিনেমা বিজেপিৰ দলৰ লগত থকাৰ বাবে ফ্লপ হৈ গৈছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে- ‘‘যতীন বৰাক কোনেও ৰিজেক্ট কৰা নাই, মানুহে প্ৰতিবাদ কৰিছে বিজেপি লগত থকাৰ বাবে ।’’ আনহাতে ৰাঘৱক হিট কৰাৰ চৰ্তও বান্ধি দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়- ‘‘যতীন বৰাই বিজেপি ত্যাগ কৰিলে ৰাঘৱ হিট হ'ব৷ ১৫ টা বিৰোধী ৰাজনৈতিক দলে একেলগে চিনেমা চাবলৈ যাম ৷ যদিহে যতীন বৰাই বিজেপি ত্যাগ কৰে ৷ সংগদোষত পৰি যতীন বৰাৰ এই অৱস্থা হোৱাৰ বাবে মোৰ বেয়া লাগিছে ৷ মুখ্যমন্ত্ৰীয়ে সকলো শক্তি লগালেও ১০ লাখ মানুহে চাব মাত্ৰ ৰাঘৱ । কিন্তু যতীন বৰাই বিজেপি দল ত্যাগ কৰিলে ১ কোটি মানুহে ৰাঘৱ চাব ।’’

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ৬২ টা ছবিগৃহৰ লগতে সমগ্ৰ দেশৰে ২০০ৰো অধিত ছবিগৃহত যোৱা ২৭ অক্টোবৰত মুক্তি লাভ কৰিছিল অসমীয়া ছবি ৰাঘৱ । যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি ৰাঘৱৰ মুক্তিৰ পূৰ্বৰে পৰা বহুকেইটা কাৰণ বিতৰ্কত সোমাই পৰিছিল । মুক্তিৰ প্ৰথম দিনাই মুঠ কালেকচনকলৈও সন্দেহ প্ৰকাশ কৰিছিল বহুজনে । জে বি প্ৰডাকচনৰ প্ৰথমখন ছবি যিদৰে ৰাইজে আকোঁৱালি লৈছিল তেনেদৰে আঁকোৱালি লোৱা নাই ৰাঘৱক । যাক লৈ এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : Tejas Box Office Collection: বক্স অফিচত সামান্য টকাও উপাৰ্জন কৰিব নোৱাৰিলে কংগনাৰ তেজস ছবিখনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.