গুৱাহাটী, 13 জুলাই: কিছুদিন পূৰ্বে এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে অসমৰ বিৰোধী ঐক্যক কটাক্ষ কৰাকলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে বদৰুদ্দিন আজমলে অসমৰ বিৰোধী ঐক্যক কটাক্ষ কৰি কংগ্ৰেছৰ নেতৃত্বত অসমত গঠন হোৱা বিৰোধী ঐক্যক ‘ক্লাৱ’ বুলি মন্তব্য কৰিছিল ৷
ইয়াকেলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘বদৰুদ্দিন আজমলে পাটনাত আৰু মুম্বাইত গৈ বিৰোধীৰ মহা ঐক্যৰ নেতা সকলক গামোচা পিন্ধাব যায় । আকৌ অসমত বিৰোধী ঐক্যক কটাক্ষ কৰে । আচলতে আজমল হতাশাত ভুগিছে ।’’ আনহাতে, আজমলে বুধবাৰে এখন সংবাদমেলত ভূপেন বৰাকো দিয়ে বিশেষ পৰামৰ্শ । ‘‘ভূপেন বৰাই ৰাজনীতি এৰি ৰাম ৰাম হৰি ৰাম জাপি থাকক ।’’ আজমলে কয় ৷
ইফালে ধুবুৰী লোকসভা সমষ্টিত এইবেলি কংগ্ৰেছৰ ৰকিবুল হুছেইন বা ৱাজেদ আলী চৌধুৰীৰ লগতে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছলমান খানে আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি আজমলৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত আজমলে কয়, "যেতিয়া মোৰ বিৰুদ্ধে ধুবুৰীৰ পৰা নিৰ্বাচন খেলিব তেতিয়া ৰকিবুলকো ১০ লাখ, ৱাজেদকো ১০ লাখ টকা দি সহায় কৰিম ।"
এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘আজমলৰ দুৰ্বলতা উদঙাই দি থকাৰ বাবে মোক ৰাজনীতি এৰি ৰাম ৰাম হৰি ৰাম জাপি থাকিব দিছে । আজমলৰ ধুবুৰী সমষ্টি এইবাৰ কংগ্ৰেছে দখল কৰিব । আজমল হতাশাত ভুগিছে বাবে এইবোৰ কথা কৈ আছে ।’’
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বি জে পি আৰু এ আই ডি এফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলে এজনে আনজনক সহায় কৰি আছে । আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি বৰ্তাই ৰাখিবলৈ আজমলৰ এআইডিএফ দলক সাৰপানী দি আছে ৷
লগতে পঢ়ক: Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী