ETV Bharat / state

Violence on Assam border: অসম মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া - ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

বিজেপি শাসনত চুবুৰীয়া ৰাজ্যৰে অসমৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে । মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসম পুলিচক ধমক দিয়াৰ সাহস ক’ত পালে? যিকোনো সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী 'নেডা'ৰ পৰা ওলাই যাব পাৰে । অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) ।

APCC President Bhupen Bora react on border conflict
অসম মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Nov 23, 2022, 11:53 AM IST

গুৱাহাটী, ২৩ নৱেম্বৰ: পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৰ বিস্ফোৰক পৰিস্থিতিয়ে দুয়োখন ৰাজ্য উত্তপ্ত কৰি তোলিছে । মঙলবাৰে পুৱতি নিশা সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত 8 জন খাচী লোকৰ মৃত্যু হোৱাৰ লগতে অসমৰ এজন বনকৰ্মী নিহত হৈছিল । এই ঘটনাৰ পাছতে মেঘালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে (Violence on Assam border) ।

অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) । তেওঁ কয় যে বিজেপি শাসনত চুবুৰীয়া ৰাজ্যৰে অসমৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে । মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসম পুলিচক ধমক দিয়াৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বিজেপিক ভাল নাপায় । যিকোনো সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী 'নেডা'ৰ পৰা ওলাই যাব পাৰে ।

অসম মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সীমান্তৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই 'নেডা'ত তিষ্ঠি থকাটো বিচাৰে । অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আশা-আকাংক্ষাক জলাঞ্জলি দি নিজৰ প্ৰভুত্ব ৰক্ষাত ব্ৰতী হৈ আছে । মুখ্যমন্ত্ৰীৰ তদন্তৰ কোনো গুৰুত্ব নাই বুলি তেওঁ কটাক্ষ কৰি কয় যে চৰকাৰৰ ওপৰত ভৰসা কৰি কোনো লাভ নাই । দুয়োখন ৰাজ্যৰ ৰাইজে সমিল-মিলে সমস্যাৰ সমাধান কৰিব লাগিব (Bhupen Bora reacts on Assam border violence)।

তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত চুবুৰীয়া ৰাজ্যৰে অসমৰ সীমা সমস্যা ভাৰত-পাকিস্তানৰ সীমা সমস্যাৰ দৰে হৈছে । সদায়ে সীমান্তত উত্তেজনা অব্যাহত থাকে । ইয়াৰ মূলতে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ৰাজনৈতিক উচ্ছাকাংক্ষা । চুবুৰীয়া ৰাজ্যবোৰত বিজেপিৰ চৰকাৰ নাই বাবেই যিকোনো প্ৰকাৰে মিলি থকাৰ চেষ্টা চলাই আহিছে ।

দিল্লীৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা চলি থকাৰ ফল আজি ৰাজ্যবাসীয়ে ভোগীবলগীয়া হৈছে বুলি তেওঁ কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৰম স্থিতিত চুবুৰীয়া ৰাজ্যই আগ্ৰাসী ৰূপ লৈছে । অসমৰ সীমান্ত অঞ্চলত এতিয়া কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নাই। সীমান্তত কিবা এটা ঘটনা হ'লে অসমৰ আৰক্ষী-বিষয়াক দোষাৰোপ কৰা হয়। মুখ্যমন্ত্রীয়ে অসমৰ বিষয়াসকলক ব্যাপক চাপত ৰাখিছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক: Bhupen Bora reaction: চৰকাৰে ৰাজ্যবাসীক নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.