গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কৰা মন্তব্যত জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ (APCC president reaction on CM comment)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, অসমীয়া জাতিক এক সংস্কৃতিবান, শালীনতাবোধ সম্পন্ন জাতি বুলি সমগ্ৰ বিশ্বই জানে । অসমখন আধ্যাত্মিকতাৰ এক পীঠ স্থান বুলি বিশ্ব বিখ্যাত ।
আজি সেই সকলো ধূলিস্যাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত (Himanta take part in Uttarakhand election campaign) কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ-পৰিচয় লৈ অতি নিম্ন ৰুচিসম্পন্ন, ঘৃণনীয় বক্তব্য দাঙি ধৰা কথাই অসমবাসীক বিশ্বৰ চকুত হেয় প্ৰতিপন্ন কৰিলে । তেওঁ (APCC president Bhupen bora) কয় যে, ছাত্ৰ জীৱনতে বিভিন্ন দুর্নীতি আৰু অপৰাধত অভিযুক্ত হিমন্ত বিশ্ব শর্মা গণতান্ত্ৰিকভাৱে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতো ৰুচিবোধৰ সলনি নহ'ল আৰু চাৰিত্ৰিক পৰিৱৰ্তনো নহ'ল ।
চি বি আইৰ জালৰ পৰা বাচিবলৈ বিজেপিত যোগদান কৰি আৰু এতিয়া পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বাবে আৰ এছ এছ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰোষৰ পৰা বাচিবলৈ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই ৰাহুল গান্ধীৰ বিৰুদ্ধে এনে অশালীন বক্তব্যৰে নিজৰ নীচ মানসিকতাৰ পৰিচয় দাঙি ধৰিছে । তেওঁ লগতে কয় যে, গাখীৰত তিয়াই থ'লেই কয়লা কেতিয়াও সোণ নহয় ।
ক্ষমতাই মূৰত ধৰা এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা ইয়াতকৈ উচ্চ চিন্তাৰ, উচ্চ মানসিকতাৰ ৰাজহুৱা আচৰণ যে আশা কৰা উচিত নহয় সেই কথা ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে পুনৰবাৰ প্ৰমাণ কৰি দিলে বুলি তেওঁ কয় । উল্লেখ যে, ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত উদ্বাউল হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি প্ৰশ্ন তুলি তাৰ কিবা প্ৰমাণ পত্ৰ আছে নেকি বুলি বক্তব্য দাঙি ধৰিছিল ।
নিজৰ প্ৰতিক্ৰিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, শংকৰদেৱ, আজান ফকীৰ, কামাখ্যা দেৱালয়, শিৱদৌলৰ এইখন দেশৰ মানুহৰ মুখত এনে নিকৃষ্ট চিন্তাৰ বহিঃপ্ৰকাশ কেৱল বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ধন আৰু ক্ষমতাই বলিয়ান কৰা এজন ব্যক্তিৰ মুখতে শুনিবলৈ পোৱা যায় । এজন চূড়ান্ত নির্লজ্জ মুখ্যমন্ত্ৰীৰ আচৰণত আজি অসমৰ ৰাইজ আৰু আমি হতভম্ব, লজ্জানত বুলি তেওঁ কয় ।
ইয়াক অসমৰ জনজীৱনৰ প্ৰতি এক ঘোৰ অপমান আৰু ৰাজ্যবাসীৰ শালীনতাবোধত চূড়ান্ত কুঠাৰাঘাত বুলি তেওঁ আখ্যা দিয়ে । হিতাহিত জ্ঞানশূন্য মানুহৰ দৰে ধন আৰু ক্ষমতাত দিক-বিদিক হেৰুওৱা হিমন্ত বিশ্ব শৰ্মাই এনে নিম্ন ৰুচিসম্পন্ন বক্তব্যৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ আসনখনত কালিমা সানিলে আৰু সংবিধান প্ৰদত্ত মর্যাদাক নিজৰ ৰাজনৈতিক স্বার্থত অবনমিত কৰিলে বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে ।
লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা