ETV Bharat / state

Bhupen Borah: আজমলে নীতিশ কুমাৰক সাক্ষাৎ কৰাকলৈ কি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ? - Congress AIUDF alliance

শুকুৰবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বদৰুদ্দিন আজমলৰ নেতৃত্বত সাক্ষাৎ কৰে AIUDFৰ এটা সঁজাতী দলে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ কৰ্ণাটকত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী বৰাৰ (Karnataka poll 2023) ৷

Bhupen Borah
Bhupen Borah
author img

By

Published : May 12, 2023, 10:51 PM IST

আজমলে নীতিশ কুমাৰক সাক্ষাৎ কৰাকলৈ কি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ?

গুৱাহাটী, ১২ মে’ : ‘‘কংগ্ৰেছ দেশৰ তিনিখন ৰাজ্যত শাসনত আছে আৰু কাইলৈ চাৰিখন ৰাজ্যত হ’ব ৷ আগন্তুক তিনি মাহৰ ভিতৰত দেশৰ গুৰুত্বপূৰ্ণ সাতখন ৰাজ্যত কংগ্ৰেছ দলে শাসন কৰিব ৷ গতিকে মহাজোঁটৰ নেতৃত্ব কোনে ল’ব ৷’’ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Borah) ৷

উল্লেখ্য যে, কংগ্ৰেছ দলৰ উপৰি কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ টা ৰাজনৈতিক দলে নিবিচাৰিলেও কিন্তু এ আই ইউ ডি এফ দলে মিত্ৰতাৰ আশা বাদ দিয়া নাই ৷ যাৰ বাবে সাংসদ বদৰুদ্দিন আজমলৰ দলে নীতিশ কুমাৰৰ যোগেদি বিৰোধী মহাজোঁটত সোমাবলৈ আপ্ৰাণ চেষ্টা কৰিছে ৷ তাৰেই অংশস্বৰূপে সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে (Ajmal meets Nitish Kumar) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মুখলৈ চাই প্ৰদেশ কংগ্ৰেছে কংগ্ৰেছ কৰি থকা নাই ৷ ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ টা দলে নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বয়ো এ আই ইউ ডি এফৰে মিত্ৰতা নাকচ কৰিছে (Congress AIUDF alliance) ৷

তেওঁ লগতে কয় যে, কৰ্ণাটকত কংগ্ৰেছে বিজেপিক যি ধৰণে প্ৰতিৰোধ কৰিলে কাইলৈ তাৰ ফলাফল ওলাব ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগতিয়াকৈ পৰাজয় স্বীকাৰ কৰিছে ৷ কিছুদিন পাচত হ’বলগীয়া মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আদিৰ নিৰ্বাচনত কি ফলাফল আহিব সেয়া লাহে লাহে দেশৰ মানুহে গম পাইছে বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে, সকলো দলেই নিজে নিজে জীয়াই থকাৰ বাবে চেষ্টা কৰিব ৷ দুটা দলৰ দুজন নেতা লগ হোৱাকলৈ কিবা প্ৰতিক্ৰিয়া দিব লাগে বুলি নাভাৱো বুলি উল্লেখ কৰি তেওঁ কয় যে, মহাজোঁটৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে ৷ প্ৰদেশ কংগ্ৰেছে কোনটো পথত যাব সেইটো নীতিশ কুমাৰে নিৰ্ণয় নকৰে ৷ সেইটো নিৰ্ণয় কৰিব মল্লিকাৰ্জুন খাৰ্গে, ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে (Lok Sabha election 2024) ৷

কংগ্ৰেছৰ নেতৃত্বই ইতিমধ্যেই ৰাজহুৱাকৈ এ আই ইউ ডি এফক বিশ্বাসঘাটক বেপাৰীৰ দল বুলি বিবৃত্তি দিছে ৷ আনহাতে ১১ টা ৰাজনৈতিক দলে সন্মিলিতভাৱে সিদ্ধান্ত লৈছে যে বিজেপিৰ এজেণ্টৰ লগত মিত্ৰতা নকৰে ৷ নীতিশ কুমাৰে কথা পাতিব পাৰে তাত আপত্তি কৰিবলগীয়া একো নাই বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে নীতিশ কুমাৰে অগপ, বি পি এফ, ইউ পি পি এলৰ লগতো পাতিব পাৰে, তাত কি আপত্তি আছে ৷

লগতে পঢ়ক: Ajmal meets Nitish Kumar: আজমলক নীতিশ কুমাৰৰ বৰপীৰা; এঘণ্টা জোৰা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.