ETV Bharat / state

বিজেপিৰ পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল উন্মোচন কৰিলে জিতেন্দ্ৰ সিঙে

author img

By

Published : Jan 12, 2021, 5:26 PM IST

স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটী ৰাজীৱ ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত "বিজেপিৰ আভুৱা ভৰা বাজেট, পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল" শীৰ্ষক পুস্তিকা উন্মোচন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷

apcc-meeting-at-rajiv-bhawan-guwahati
বিজেপিৰ পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল উন্মোচন কৰিলে জিতেন্দ্ৰ সিঙে

গুৱাহাটী, 12 জানুৱাৰী : "বিজেপিৰ আভুৱা ভৰা বাজেট, পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল" শীৰ্ষক পুস্তিকা উন্মোচন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷ স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটী ৰাজীৱ ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই পুস্তিকাখন উন্মোচন কৰে নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, বিজেপিৰ পাঁচখন বাজেটৰ ভিতৰত চাৰিখন বাজেটক সাঙুৰি এই পুস্তিকাখন প্ৰকাশ কৰা হৈছে বুলি জানিবলৈ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিতিৰ নেতৃত্বই ৷ ৰাজ্যৰ প্ৰতিটো বুথ কেন্দ্ৰৰ লগতে প্ৰতি ঘৰে ঘৰে এই পুস্তিকাখন বিতৰণ কৰাৰ ব্যৱস্থা কৰিব প্ৰদেশ কংগ্ৰেছে ৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যৎ বৰদলৈ, আব্দুল খালেকৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জেষ্ঠ নেতা উপস্থিত থাকে ৷

অনুষ্ঠাত সাংবাদিক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ কয় “এই পুস্তিকাখনে বিজেপিৰ মিথ্যাচাৰ উদঙাই দিব ৷ বিজেপিৰ ভিজন ডকুমেণ্টক অসমৰ জনসাধাৰণে বিনাশ ডকুমেণ্ট হিচাপে আখ্যা দিছে ৷ অসমৰ জনতাই যুঁজ দি দি নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিছে ৷ ইয়াৰ লগতে পাঁচবছৰৰ পিচতহে এতিয়া অসমৰ ভাষা সংস্কৃতিলৈ বিজেপিৰ মনত পৰিল বুলি মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷

ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠানত কৃষি আইনৰ বিৰোধিতা কৰি ১৬ জানুৱাৰী তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে 'ৰাজভৱন চলো ' এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব জানিবলৈ দিছে সভাপতি ৰিপুণ বৰাই ৷

লগতে পঢ়ক : ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.