ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত ৰাজ্যিক আইন অভিৱৰ্তন - ita center

অভিৱৰ্তনত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লগতে বিশেষ সম্প্ৰদায়ৰ নামত বিষবাস্প বিয়পোৱাৰ অভিযোগ কৰে ৷

apcc meeting at guwahati ita center
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত ৰাজ্যিক আইন অভিবৰ্তন
author img

By

Published : Jan 9, 2021, 9:12 PM IST

গুৱাহাটী, 9 জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় ৰাজ্যিক আইন অভিৱৰ্তন ৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰমে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে "ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি" শীৰ্ষক বিষয়ত উদ্বোধনী বক্তব্য দিয়ে ৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সভাপতি ৰিপুণ বৰা, ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আইন আৰু মানৱ অধিকাৰ বিভাগৰ অধ্যক্ষ বিবেক তানখাকেৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত ৰাজ্যিক আইন অভিবৰ্তন

অভিৱৰ্তনত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লগতে বিশেষ সম্প্ৰদায়ৰ নামত বিষবাস্প বিয়পোৱাৰ অভিযোগ কৰে ৷ তেওঁ ইয়াৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ আহ্বান জনায় আৰু তৃণমূল পৰ্যায়লৈকে এই বিষয়টো লৈ যোৱাৰ আহ্বান জনায় ৷ সিঙে নিৰ্বাচনী ইস্তাহাৰতো এই কথা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ প্ৰতিটো জাতি-জনগোষ্ঠী, জনজাতিৰ লোকৰ মাজত সোমাই তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজ লোৱাৰো কথা উল্লেখ কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে চৰকাৰী পৃষ্ঠপোষকতাত অখিল গগৈক বন্দী কৰি ৰখা হৈছে বুলি অভিযোগ কৰে ৷ তেওঁ অখিল গগৈৰ লগতে যিসকলক চৰকাৰে আক্ৰোশমূলকভাবে বন্দী কৰি ৰাখিছে তেওঁলোকক আইনী সাহাৰ্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক : ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ সমাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.