গুৱাহাটী, 26 অক্টোবৰ: বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ নেতৃত্বত 13 টা বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দেশৰ স্বাৰ্থত আৰু গণতন্ত্রক ৰক্ষাৰ স্বাৰ্থত, ব্যক্তিগত আৰু দলীয় স্বাৰ্থ পৰিহাৰ কৰি সৰ্বোচ্চ ত্যাগ কৰাৰ বাবে সাজু হৈছে বিৰোধী ঐক্য মঞ্চ ।
আজি গুৱাহাটীৰ হোটেল লিলিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ পাচতে বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিজেপিক প্ৰতিহত কৰি দেশ ৰক্ষাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হৈছে যেতিয়া ত্যাগ থাকিবই । সকলোৱে ত্যাগ কৰিবলৈ প্ৰস্তুত আছে ।
বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত বৰাই কয় যে, বিজেপিৰ বিৰুদ্ধে ৰাজ্যজুৰি জনমত গঠনৰ লগতে জন আন্দোলন গঢ়ি তোলা হ'ব । মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয় ৰাইজৰ ওচৰলৈ লৈ যোৱা হ'ব । নৱেম্বৰ মাহত ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হ'ব ৷ তাতে প্ৰাৰ্থিত্বৰ বিষয়টো অধিক আলোচনা কৰা হ’ব ৷
‘‘অসমত ক'মন মিনিমাম প্ৰ'গ্ৰেমৰ বাবে ৰিপুন বৰাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে ৷ এই কমিটিয়ে ইয়াৰ খচৰা ডিব্ৰুগড়ৰ সভাত দাখিল কৰিব । একেদৰে বিজেপিৰ মিছা প্ৰতিশ্ৰুতি সন্দৰ্ভত মহাঅভিযোগৰ খচৰা প্ৰস্তুতৰ বাবে সাংসদ অজিত কুমাৰ ভূঞা আৰু বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনক দায়িত্ব দিয়া হৈছে ।’’ এইদৰে কয় বৰাই ৷
বিৰোধী ঐক্য মঞ্চৰ মাজত আসন বুজাবুজিৰ প্ৰসংগত বৈঠকত প্ৰাথমিক কথা-বাৰ্তা হোৱা বুলি সদৰী কৰি ভূপেন বৰাই কয় যে, এইক্ষেত্রত পৰৱৰ্তী সময়ত বিশদ আলোচনা হ'ব । দলসমূহ একগোট হৈছে যিহেতু ত্যাগ থাকিবই ৷ কেৱল 24 নহয়, বিৰোধীৰ এই ঐক্য 2026ৰ বিধানসভা নিৰ্বাচনলৈকে থাকিব ৷
আনহাতে সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে স্পষ্টভাৱে কয়, ‘‘ৰাইজৰ দলে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত নাথাকে ।’’
‘‘বিজেপিৰ দিনত আটাইতকৈ আৰক্ষীৰ পিটন খোৱা ৰাজনৈতিক নেতাজনেই হ’ল বিধায়ক অখিল গগৈ ৷ তেওঁৰ চৰম ত্যাগৰ ওপৰত প্ৰশ্ন কৰাসকল বিজেপিৰ এজেন্ট ৷’’ আসন বুজাবুজিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অখিল গগৈক প্ৰশংসা কৰি এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ৷
সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, বিজেপিক উৎখাত কৰাৰ সন্দৰ্ভতে আজি বৈঠকত 13টা দলে আলোচনা কৰে । বিজেপিক প্ৰতিহত কৰাৰ একমাত্র লক্ষ্যৰে দেশ ৰক্ষাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ ভাৱে যুঁজিম ৷ প্ৰতিটো সমষ্টিত বিজেপি বিৰুদ্ধে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী থাকিব ।
লগতে পঢ়ক:Meeting Of Opposition: ঐতিহাসিক প্ৰস্তাৱ লৈ বিৰোধী ঐক্য মঞ্চৰ বৈঠকত বিধায়ক অখিল গগৈ