ETV Bharat / state

কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ - কংগ্ৰেছে কংগনা ৰাণাৱটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

দেশজুৰি অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দেশৰ স্বাধীনতা সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীক সমালোচনা কৰিছে বহুতে । ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ।

Kangana Ranaut
কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ
author img

By

Published : Nov 18, 2021, 5:21 PM IST

গুৱাহাটী, ১৮ নৱেম্বৰ : সততে বিতৰ্কত থকা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ (Kangana Ranaut) বিৰুদ্ধে বৃহস্পতিবাৰে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (Assam Pradesh Congress Committee) । দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধী (Mahatma Gandhi) সম্পৰ্কেও বিৰূপ মন্তব্য কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল অভিনেত্ৰী গৰাকীয়ে । ভাৰতে ভিক্ষা কৰিহে স্বাধীনতা লাভ কৰিছিল বুলি মন্তব্য কৰাৰ উপৰিও মহাত্মা গান্ধীৰ নাম উল্লেখ নকৰাকৈয়ে পুনৰ মন্তব্য কৰিছিল যে চৰ খাবলৈ ইখন গাল পাতি দিলে ভিক্ষাহে পায় ।

APCC
কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ

বিজেপিৰ অন্ধ সমৰ্থকৰূপে পৰিচিত কংগনা ৰাণাৱটক শেহতীয়াকৈ পদ্মশ্ৰী সন্মানো (Padma Shri Award) প্ৰদান কৰিছিল । তাৰ পাছতেই অভিনেত্ৰী গৰাকীয়ে এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ লগে লগে তেওঁৰ পৰা পদ্মশ্ৰী সন্মান ঘূৰাই ল'বলৈও কংগ্ৰেছে দাবী তুলিছে । দেশজুৰি কংগ্ৰেছে কংগনা ৰাণাৱটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ অংশ স্বৰূপেই বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছে অভেনেত্ৰী গৰাকীৰ গ্ৰেপ্তাৰৰ দাবী তুলি দিছপুৰ থানাত এই এজাহাৰ দাখিল কৰে ।

APCC
কংগনা ৰাণাৱটৰ বিৰুদ্ধে APCCৰ গোচৰ

উল্লেখ্য যে কংগনাই পদ্মশ্ৰী লাভ কৰাৰ পাছতে মোডী চৰকাৰক প্ৰশংসা কৰি কৈছিল যে ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল ৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা আছিল ব্ৰিটিছে দিয়া ভিক্ষা ৷ ইয়াৰ পাছতে মঙলবাৰে পুনৰ জাতিৰ পিতা মহাত্মা গান্ধীক বিতৰ্কৰ মাজলৈ টানি আনিছিল অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.