গুৱাহাটী, ২৪ডিচেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ৭ ছেপ্টেম্বৰত তামিনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা “ভাৰত জোড়ো যাত্ৰা”ই অহা ৩ জানুৱাৰীত দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰৱেশ কৰিব(Congress Bharat Jodo Yatra ) । অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই এটা বৃহৎ দল লৈ অহা ৩ জানুৱাৰীত নতুন দিল্লীত এই পদযাত্ৰাত ৰাহুল গান্ধীক সংগ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ এক দলীয় প্ৰেছ বিজ্ঞপ্তিত আজি এই কথা প্রকাশ কৰা হয় ৷
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংগ দিবলৈ বিগত ৪ মাহৰো অধিক কাল দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে । দেশৰ ৰাজনীতি ক্ষেত্ৰৰ পৰা চলচিত্ৰ জগতৰ লোকে এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে ৷ ইয়াৰে অংশ হিচাপে অসমতো প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হৈছিল ভাৰত জোড়ো যাত্ৰা ৷ অসমৰ ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ইতিমধ্যে শদিয়াত সামৰণি পৰিছে ৷
অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই সময়ে সময়ে ৰাহুল গান্ধীৰ নেতৃত্বত অহা ভাৰত জোড়ো যাত্ৰাক সমৰ্থন প্ৰদান কৰি আহিছে ৷ এইবাৰ প্রদেশ কংগ্ৰেছৰ নেতৃত্বই এটা বৃহৎ দল লৈ অহা ৩ জানুৱাৰীত নতুন দিল্লীত এই পদযাত্ৰাত পুনৰ নেতাগৰাকীক সংগ দিবলৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই অনুসৰি আজি প্ৰদেশ কংগ্ৰেছে এক দলীয় প্ৰেছ বিজ্ঞপ্তি প্রকাশ কৰি অসম প্রদেশ কংগ্ৰেছৰ যিসকল নেতা-কর্মীয়ে ৩ জানুৱাৰীত নতুন দিল্লীত পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে তেওঁলোকক ২ জানুৱাৰীত দিল্লীত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে ।
বিজ্ঞপ্তিখনত লগতে এই সম্পৰ্কীয় বিস্তৃত তথ্য-পাতিৰ বাবে ইচ্ছুক দলীয় নেতা-কর্মীসকলক দলৰ সাধাৰণ সম্পাদক(প্রশাসন) ৰামান্না বৰুৱাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । উল্লেখ্য যে, ১০৮ দিন পূৰ্বে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই শনিবাৰে বদৰপুৰ সীমান্তৰ পৰা দিল্লীত প্ৰৱেশ কৰে(Bharat Jodo Yatra in Delhi) । ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৱে আজি মথুৰা ৰোডৰ মাজেৰে ফ্ৰেণ্ডছ ক'লনি, আশ্ৰম, নিজামুদ্দিন, ইণ্ডিয়া গেট হৈ লালকিল্লাত উপস্থিত হয় ।
লালকিল্লাত এখন জনসভাকো সম্বোধন কৰে ভাৰত জোড়ো যাত্ৰাৰ দলটোৱে ৷ এদিনৰ বাবে দিল্লীৰ মাজেৰে পাৰ হোৱাৰ পিছত এই যাত্ৰা ন দিনৰ বাবে বন্ধ থাকিব । এই যাত্ৰাটো অহা ৩ জানুৱাৰীত পুনৰ আৰম্ভ হ'ব । সেইদিনাই অসম প্ৰদেশ কংগ্ৰেছৰ দলটোৱে এই পদযাত্ৰাত নতুন দিল্লীত ৰাহুল গান্ধীক সমৰ্থন দিয়াৰ সিদ্ধান্ত লৈছে ৷
লগতে পঢ়ক : Congress Bharat Jodo Yatra: ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান