ETV Bharat / state

হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি - হাৱালা গুৱাহাটী

গুৱাহাটীৰ হাৱালা চক্ৰৰ ধন আত্মসাতত জড়িত আন এজনে নিশা আত্মসমৰ্পন কৰে ৷ সেই অনুসৰি এই পৰ্যন্ত উক্ত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে ৷

hawala money loot guwahati
হাৱালা চক্ৰৰ ধন আত্মসাৎ
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 3:41 PM IST

গুৱাহাটী, ২ ডিচেম্বৰ : হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি ৷ শুকুৰবাৰে নিশা জমিৰ খান নামৰ এজনে ভৰলু থানাত আত্মসমৰ্পন কৰে । জমিৰ খানৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬ লাখ টকা ৷ ইফালে আৰক্ষী নামি পৰিছে বিকি আলী নামৰ আন এজনৰ সন্ধানত ৷

উল্লেখ্য যে, হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ভৰলুমুখ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী, অনুৰাগ বৰা, তফিক উদ্দিন আহমেদ, খাইৰুল ইছলাম, চৰিফ তানোৱাৰ, চাবিয়া বেগম, লিটন খান, পপিতা গগৈক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । তাৰ ভিতৰৰ ভৰলুমুখ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী, অনুৰাগ বৰা, তফিক উদ্দিন আহমেদ, খাইৰুল ইছলাম, চৰিফ তানোৱাৰক আদালতত হাজিৰ কৰোৱাই তিনিদিনৰ জিন্মাত লয় ।

ইপিনে চাবিয়া বেগম, লিটন খান, পপিতা গগৈক আৰক্ষীয়ে ইতিমধ্যে আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে ২১ নৱেম্বৰত আঠগাঁৱত হাৱালা চক্ৰৰ দুই সদস্যক গ্ৰেপ্তাৰ কৰা অভিযানত ভৰলুমুখ থানাৰ এছ আই মোবাৰক আলীৰ সৈতে আছিল এছ আই অনুৰাগ বৰা । সাংবাদিক তফিকউদ্দিন আহমেদৰ খবৰৰ ভিত্তিত এছ আই মোবাৰক আলী আৰু অনুৰাগ বৰাই আঠগাঁৱৰ ঘৰটোত তালাচী চলাইছিল ।

সেই স্থানত ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ অন্যান্য আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই হাৱালা চক্ৰৰ পৰা লুট কৰা হৈছিল টকাভৰ্তি মোনা এটা ৷ গ্ৰেপ্তাৰ হোৱা হাৱালা চক্ৰৰ সদস্যদ্বয়ে আৰক্ষীৰ আগত এই কথা সদৰী কৰাৰ পিচতেই অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে ।

মহানগৰ আৰক্ষীয়ে অভিযান চলাই এছ আই অনুৰাগ বৰাৰ দেৰগাঁৱৰ ৰজাবাহৰস্থিত ঘৰৰ বাৰীত পুতি থোৱা অৱস্থাত পাঁচ লাখ টকা উদ্ধাৰ কৰে । ২১ নৱেম্বৰৰ নিশা হাৱালা চক্ৰৰ পৰা লুট কৰা ধনৰ ভাগ পাইছিল অনুৰাগ বৰাই । ইয়াৰে পাঁচ লাখ টকা নৱাগত আৰক্ষী উপ-পৰিদর্শকগৰাকীয়ে তেওঁৰ সম্পর্কীয় মহিলা এগৰাকীৰ জৰিয়তে গুৱাহাটীৰ পৰা দেৰগাঁৱৰ ঘৰলৈ পঠিয়াইছিল ।

টকাখিনি পলিথিনত ভৰাই বাৰীত পুতি থ'বলৈ কৈছিল ৷ কিন্তু দেৰগাঁৱলৈ টকা পঠিয়ায়ো নিজক ৰক্ষা কৰিব নোৱাৰিলে এছ আইগৰাকীয়ে ৷ সেইদিনা নিশা হাৱালা চক্ৰৰ পৰা লুট কৰা ধনৰ ভাগ সাংবাদিক তফিকউদ্দিন আহমেদেও লাভ কৰিছিল । ইতিমধ্যে তফিকউদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে চাৰি লাখ টকা উদ্ধাৰ কৰিছে ।

এছ আই মোবাৰক আলীৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৭.৫০ লাখ, ফাইৰুল হক নামৰ এজনৰ পৰা ৭.৫০ লাখ আৰু লিটন খান নামৰ দালাল এটাৰ পৰা ৯ লাখ টকা আৰু জমিৰ খানৰ পৰা ইতিমধ্যে আৰক্ষীয়ে ৬ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ঐশ্বৰ্য্য জীৱন বৰুৱাৰ নিলম্বনক আদৰণি আছু কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.