গুৱাহাটী, 24 মে': অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 23, 24, 25 আৰু 26 মে'ত আহ্বান কৰা ৰাজ্যজোৰা কৰ্মবিৰতিৰ বুধবাৰে দ্বিতীয় দিন ৷ আজি দ্বিতীয় দিনাও সমগ্ৰ অসমতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে কৰ্মবিৰতি পালন কৰে আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় প্ৰাংগনত অৱস্থান ধৰ্মঘট পালন কৰি ৰাজ্যজুৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (Anganwadi workers and Helpers protest in Guwahati) ৷
23 মে' অৰ্থাৎ মংগলবাৰৰ পৰা কৰ্মবিৰতি পালন কৰি কেন্দ্ৰ বন্ধ ৰখাৰ বাবে কৰ্মী আৰু সহায়িকা সকলক বিভাগীয় কৰ্তৃপক্ষই নানা ভয়-ভাবুকি দিয়াৰ লগতে কামৰ পৰা বৰ্খাস্ত কৰাৰো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷ কৰ্তৃপক্ষৰ ভয়-ভাবুকিকো নেওচি আজি ৰাজ্যখনৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, মংগলদৈ, তেজপুৰ, ওদালগুৰি, গোৰেশ্বৰ, তামুলপুৰ, মুছলপুৰ, বৰপেটা, নলবাৰী, ছয়গাঁও, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, আমিনগাঁও, গুৱাহাটীৰ বেলতলা, চৰাইদেউ, হোজাই, শিলচৰ, কাৰ্বিং আলং আদি ঠাইত শ শ কৰ্মী-সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰে (Anganwadi workers and Helpers protest) ৷
কোকৰাঝাৰ জিলাৰ প্ৰতিটো প্ৰকল্পত কৰ্মবিৰতি পালন কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে ৷ পৰিশ্ৰমৰ বিনিময়ত মাননি নহয় উপযুক্ত মজুৰি আদায় দিয়া, অসম চৰকাৰে মাহিলি মাননি 10 হাজাৰ টকালৈ বৃদ্ধি কৰা, আই চি ডি এছত কাম কৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, চৰকাৰে ঘোষণা কৰা অৱসৰকালৰ এককালীন অনুদান অতি শীঘ্ৰে আদায় দিয়া, অংগনৱাড়ী কেন্দ্ৰৰ সকলো গৃহ উন্নতভাৱে নিৰ্মাণ কৰা, কৰ্মীৰ খালী পদলৈ সহায়িকাৰ পদোন্নতি নিশ্চিত কৰা আৰু মিনি অংগনৱাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ দাবী জনাই অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই কৰ্মবিৰতিৰ আহ্বান জনাইছিল (Protest in Guwahati) ৷
গুৱাহাটীৰ বেলতলাত থকা জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত প্ৰায় পাঁচশ কৰ্মী-সহায়িকাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচীত সন্থাটোৰ প্ৰবীণ নেত্ৰী মীৰা পাঠক, ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ, জিলা সম্পাদিকা জুনু চেতিয়াই বক্তব্য ৰাখি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ন্যাৰ্য দাবীৰ প্ৰতি অসম চৰকাৰৰ নিৰ্লিপ্ততাত প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰে ৷
অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে, শ্ৰম আইনৰ নিয়ম অনুসৰি 15 দিনৰ পূৰ্বে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি কাৰ্যসূচী পালন কৰাৰ পাছতো মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকে আন্দোলনকাৰী সকলক প্ৰকাৰান্তৰে ভাবুকি প্ৰদান কৰি মেচেজ প্ৰেৰণ কৰিছে ৷
কিন্তু আজিলৈকে অসম চৰকাৰৰ কোনো মন্ত্ৰী-বিষয়াই অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই উত্থাপন কৰা দাবী অযুক্তিকৰ অথবা অন্যায় বুলি ক'ব পৰা নাই ৷ তেনেস্থলত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান কৰাৰ কি যুক্তি থাকিব পাৰে তাক স্পষ্ট কৰিবলৈ সংগঠনে অসম চৰকাৰৰ ওচৰত দাবী জনায় (Anganwadi workers and Helpers) ৷
একেদৰে গোৱালপাৰাৰ জিলা বিষয়া কাৰ্যালয়তো প্ৰায় সহস্ৰাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাসে কয় যে, ধৰ্মঘটৰ চাৰিদিনৰ মাননি কৰ্তন কৰা, কামত উপস্থিত নথকাৰ অভিযোগত কামৰ পৰা বৰ্খাস্ত কৰা ইত্যাদি ভাবুকি দি আন্দোলন দমন কৰাৰ পদক্ষেপ হাতত লোৱা সঞ্চালকৰ এই কাৰ্যক তীব্ৰ গৰিহণা দি অসমৰ সকলো কৰ্মী-সহায়িকাকে অহা দুদিনত আন্দোলন তীব্ৰতৰ কৰাৰ আহ্বান জনায় ৷
অতি দুখ আৰু পৰিতাপৰ কথা যে বিগত এটা বছৰ ধৰি একেই দাবীৰ ভিত্তিত আবেদন-নিবেদন কৰি থকা স্বত্বেও অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা বিভাগীয় সঞ্চালকে দাবী মীমাংসাৰ প্ৰয়োজনীয় পদক্ষেপ নল'লে ৷ অসম ৰাজ্যিক সন্থাই এই দাবী পত্ৰ অসম বিধান সভাৰ 70 জনতকৈও অধিক বিধায়কৰ ওচৰতো দাখিল কৰিছে ৷ দুই-এগৰাকী বিধায়কে অসম বিধান সভাত বিষয়বোৰ উত্থাপনো কৰিছে ৷ কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ ৷ বিপৰীতে নানা প্ৰকাৰৰ চৰকাৰী কামৰ বোজা দিনক দিনে বৃদ্ধি কৰি আছে বুলি মন্তব্য কৰে নেত্ৰী গৰাকীয়ে ৷
স্বাভাৱিকভাৱে বিভাগৰ চূড়ান্ত উদাসীনতা আৰু অসম চৰকাৰৰ দায় সৰা মনোভাৱে কৰ্মী আৰু সহায়িকাসকলক কৰ্মবিৰতিৰ দৰে চূড়ান্ত কাৰ্যসূচী ল'বলৈ বাধ্য কৰাইছে বুলিও মন্তব্য কৰে সন্থাৰ নেতৃত্বই ৷ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই জনোৱা দাবীসমূহ আদায় নোহোৱা পৰ্যন্ত এই আন্দোলন পৰ্যায় ক্ৰমে চলি থাকি বুলি ঘোষণা কৰে ৰাজ্যিক নেতৃত্বই ৷