ETV Bharat / state

পৃথক কোচবিহাৰৰ দাবী কৰা অনন্ত মহাৰাজ কোন

author img

By

Published : Aug 26, 2022, 7:36 PM IST

অসম আৰু পশ্চিমবংগৰ ভৌগোলিক অস্তিত্বৰ সংকট মাতি কোচবিহাৰ ৰাজ্যৰ প্ৰবক্তা কোন এই অনন্ত ৰায় মহাৰাজ (Ananta Rai Maharaja controversial comments) ? ৰাজপৰিয়ালৰ নামত তেওঁ চলাইছে নেকি ৰাজনৈতিক আধিপত্য !

Ananta Rai vs Amit Shah
Ananta Rai vs Amit Shah

গুৱাহাটী, ২৬ আগষ্ট : পশ্চিম অসমৰ এক বৃহৎ আৰু পশ্চিমবংগৰ পূব অংশৰ সাতখনকৈ ৰাজ্য লগ‌লগাই এক নতুন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰতিষ্ঠা কৰা‌ হ'ব বুলি (koch Bihar will become union territory) শেহতীয়াকৈ চলা ব্যাপক চৰ্চাই আলোচনালৈ আনিছে এজন বিশেষ ব্যাক্তিৰ নাম ।‌‌ এই বিশেষ মানুহজনেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতিৰ দোহাই দি‌ শেহতীয়াকৈ ঘোষণা কৰিছে‌ যে অসম আৰু পশ্চিমবংগ ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব কোচবিহাৰ ৰাজ্য বা এক কেন্দ্ৰীয়শাসিত অঞ্চল ।‌‌

সময়টো ধৰি দি তেওঁ কৈছে যে অহা লোকসভা নিৰ্বাচনৰ আগতেই কেন্দ্ৰীয় চৰকাৰে এই পৰিকল্পনা বাস্তৱায়িত কৰিব । নিজৰ ৰাজনৈতিক আধিপত্য আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ (Home Minister Amit Shah) লগত থকা সম্পৰ্কৰ দোহাই দি এই বিশেষ ঘোষণা কৰা ব্যাক্তিগৰাকী হৈছে অনন্ত ৰায় মহাৰাজ । কিন্তু কোন এই অনন্ত ৰায় মহাৰাজ ? তেওঁৰ অতীত কি, কিহৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ সুযোগ পালে এই অনন্ত মহাৰাজে !

এই মুহূৰ্তত অসমৰ সচেতন নাগৰিকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে এই অনন্ত ৰায় মহাৰাজ (Ananta Ray Maharaja controversial comments)। আপাতত অনন্ত ৰায় মহাৰাজ এজন ধৰ্ম গুৰু, যিয়ে বিগত কেইবাটাও দশক ধৰি শিলিগুৰিকে মুখ্য কৰি পশ্চিমবংগৰ পূব অংশৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান এক বৃহৎ অঞ্চলত ধৰ্মীয় আৰু ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰি আহিছে ।

নিজকে কোচ ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ বংশধৰ বুলি পৰিচয় দি (descendants of koch king Naranarayan) এক আৱেগৰ সৃষ্টি কৰি কোচ জনগোষ্ঠীৰ একাংশ নাগৰিক আৰু ৰাজনৈতিক নেতাক নিজৰ ফলীয়া কৰি ৰাজনৈতিক আধিপত্য দেখুৱাই আহিছে । আনহাতে, প্ৰতিটো বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়ত ভোটৰ ৰাজনীতিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা অনন্ত মহাৰাজৰ লগত সেই অনুসংগতে সম্পৰ্ক বৃদ্ধি পায় । যোৱাটো বিধানসভাৰ নিৰ্বাচনতো ভোটৰ ৰাজনীতিত অনন্ত মহাৰাজে বিশেষভাৱো প্ৰভাৱিত কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এজন ঘনিষ্ঠ বন্ধু বুলি কৈ অহা অনন্ত মহাৰাজে শেহতীয়াকৈ এক টেলিভিছনৰ সাক্ষাৎকাৰত কৈছে যে কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ (Lok Sabha Election 2022) আগে আগে অসমৰ অবিভক্ত গোৱালপাৰা আৰু পশ্চিমবংগৰ সাতখন ৰাজ্যক লৈ নতুন কেন্দ্ৰীয়শাসিত বা কোচবিহাৰ ৰাজ্য গঠন কৰিব ।

উল্লেখ্য যে অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় একাংশ লোকে কমতাপুৰ ৰাজ্য দাবী কৰি আহিছে যদিও কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয়শাসিত ৰাজ্য কোনোৱে দাবী কৰা নাই । এই কথা আঙুলিয়াই দি জনগোষ্ঠীটোৰ অন্যতম ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীয়েও আজি এই সন্দৰ্ভত মন্তব্য কৰিছে । অভিযোগ অনুসৰি, পশ্চিমবংগত শিৱ-চণ্ডী নামেৰে এক ধৰ্মৰ ধৰ্মনায়ক হিচাবে আধিপত্য দেখুৱাই অহা অনন্ত ৰায় মহাৰাজ নামৰ প্ৰভাৱশালী ব্যক্তিগৰাকীয়ে নিজকে কোচ ৰজাৰ বংশধৰ বুলি পয়িচয় দি আহিছে যদিও সেই কথা সত্য নহয় (Ananta Rai controversial comments) ।

যোৱা দুদিনত সামাজিক মাধ্যমত এই জনগোষ্ঠীৰে একাংশ ব্যাক্তিয়ে এই সন্দৰ্ভত মুকলিকৈ মন্তব্য কৰি কৈছে যে অনন্ত ৰায় কেতিয়াও কোচ ৰজা নৰনাৰায়ণ বা বীৰ চিলাৰায়ৰ বংশধৰ নহয় । আৰু তেওঁৰ শেহতীয়া মন্তব্যৰ লগত কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কোনো সম্পৰ্কই নাই । চৰ্চা অনুসৰি, অসমতে এজন চৰকাৰী কৰ্মচাৰী হিচাবে একালত কৰ্মজীৱন আৰম্ভ কৰা অনন্ত মহাৰাজে কি প্ৰক্ৰিয়াৰে আহি আজিৰ প্ৰভাৱী ধৰ্মগুৰুত পৰিণত হৈ ৰাজনৈতিক আধিপত্যৰ গৰাকী হৈ পৰিল সেয়া কোচ-ৰাজবংশী সমাজৰ বহুজনৰ বাবে আশ্চৰ্যকৰ বিষয় ।

ইতিহাস অনুসৰি, ১৯৪৯ চনৰ ২৮ আগষ্টত কোচবিহাৰৰ শেষ ৰজা জিদীপেন্দ্ৰ আৰু বল্লভভাই পেটেলৰ মাজত এক মাৰ্জাৰ চুক্তি হয় । আৰু এই চুক্তিৰ জৰিয়তে কোচবিহাৰ আৰু অবিভক্ত গোৱালপাৰাক লৈ এক কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন কৰাৰ প্ৰতিশ্ৰুতি ভাৰত চৰকাৰে বংগৰ কোচ-ৰাজবংশীসকলক দিছিল । কিন্তু সেই কথা আজিও বাস্তৱায়িত নহ'ল । আৰু স্বাধীনতাৰ পিছত যোৱা ৭৫ বছৰত বাস্তৱায়িত নোহোৱা এই কথাক লৈ এতিয়া ৰাজনীতি গৰম কৰি তুলিছে মহাৰাজৰ বংশধৰ বুলি দাবী কৰা অনন্ত ৰায়ে ।

অনন্ত ৰায় মহাৰাজৰ বংশৰ নহয় বা মহাৰাজ নৰনাৰায়ণৰ বৰ্তমানেও থকা বংশৰ লোকসকলৰ লগত কোনো সম্পৰ্ক নাই বুলি চৰ্চা অব্যাহত থকাৰ মাজতে তেওঁ শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতি কিছুসংখ্যক কোচ-ৰাজবংশী লোকে বা ৰাজনৈতিক নেতাই আদৰণি জনাইছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰ হ’ব পাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.