ETV Bharat / state

Amrit Brikshya Andolan: শিলসাঁকোত GMDA য়ে ৰোপণ কৰে 1000 গছপুলি

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 1:02 PM IST

শিলসাঁকোত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ৰোপণ কৰে 1000 গছ পুলি ৷ জিঞ্জাৰকে ধৰি অধিগ্ৰহণ কৰা অন্যান্য অন্য প্ৰতিষ্ঠানসমূহ 2/3 মাহৰ ভিতৰত স্থানান্তৰ কৰা হ’ব বুলি অধ্যক্ষই জনায় সংবাদ মাধ্যমৰ আগত ৷

GMDA planted trees at silsako
শিলসাঁকোত GMDA য়ে ৰোপণ কৰে 1000 গছপুলি
শিলসাঁকোত GMDA য়ে ৰোপণ কৰে 1000 গছপুলি

গুৱাহাটী, 17 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে পৰিবেশ সংৰক্ষণ তথা জলবায়ু পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ এক কৌটি গছ পুলি ৰোপণৰ লক্ষ্যৰে হাতত লোৱা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে গুৱাহটীৰ মহানগৰ উন্নয়ন কৰ্তৃপক্ষই শিলসাঁকোত এহাজাৰ গছ পুলি ৰোপণ কৰে । শিলসাঁকো পাৰৰ 19 খন উন্নয়ন সমিতিৰ সহযোগত বিলৰ পাৰত গছ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই ।

শিলসাঁকোত সেউজ সুন্দৰ পৰিৱেশ গঢ়াৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত পুনৰ ছয় হাজাৰ গছ পুলি ৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষগৰাকীয়ে । গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থত প্ৰশাসন তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই উচ্ছেদ চলোৱাৰ পিছত ফেঞ্চিং দিয়াৰ লগতে কেইবাটাও প্ৰকল্পৰ কাম হাতত লৈছে বুলি জানিবলৈ দিয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই ।

ইফালে প্ৰকল্পস্থলীত চল্লিশ লাখ টন পানী জমা কৰিব পৰা জলাশয় নিৰ্মাণ কৰি থকাৰ লগতে শিল সাঁকোৰ বুকুত থকা জিঞ্জাৰকে ধৰি অন্য প্ৰতিষ্ঠানসমূহ অধিগ্ৰহণ কৰি স্থানান্তৰ কৰাৰ বাবে তৰপৰতা তৎপৰতা গ্ৰহণ কৰিছে বুলি জনায় গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই । অহা দুই তিনি মাহৰ ভিতৰত স্থানান্তৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

উল্লেখ্য যে, দেওবাৰে সমগ্ৰ ৰাজ্যখনতে পালন কৰা হয় অমৃত বৃক্ষ আন্দোলন ৷ তিনিশ কোটি টকা ব্যয়েৰে ৰাজ্যত পালন কৰা হৈছে এই ‘‘অমৃত বৃক্ষ আন্দোলন’’ ৷

লগতে পঢ়ক: Meri Mitti Meri Desh: মেৰী মাটি মেৰী দেশ কাৰ্যসূচী সফল কৰাৰ আহ্বান পুলক বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.