আজাৰা,26 ডিচেম্বৰঃশুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিশেষ বিমানযোগে আহি উপস্থিত হোৱা গৃহমন্ত্ৰীগৰাকীক বৰঝাৰস্থিত বিমানবন্দৰত উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে দলীয় নেতা-কৰ্মীসকলে ৷ তদুপৰি প্ৰায় ১০হেজাৰ লোকে আদৰি নিয়ে অমিত শ্বাহক । এই সময়চোৱাত পথে-পথে অসমৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শিত কৰা হয় । ইপিনে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অমিত শ্বাহৰ এইবাৰৰ ভ্ৰমণ হ'ব ব্যতিক্ৰম ।
পঞ্চ তাৰকা হোটেলৰ সলনি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অমিনগাঁৱস্থিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত থাকিব ৷ শনিবাৰে অমিনগাঁৱত অনুষ্ঠিত হ'ব লগা অসম দৰ্পন আঁচনি মুকলি অনুষ্ঠানত উপস্থিত থাকি ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । ইয়াৰ লগতে ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ইয়াৰোপৰি বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।
আনহাতে,আমিনগাঁৱতেই মুখ্যমন্ত্ৰী,মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে এক বৈঠকতো অংশ ল'ব অমিত শ্বাহে ৷ঠিক একে স্থানতে বিজেপিৰ ক'ৰ কমিটীৰ সৈতে আৰু বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বৈঠকত বহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ইয়াৰ পিছতে দেওবাৰে পুৱা ৭:৩০ বজাত কামাখ্যা দৰ্শন কৰি ইম্ফললৈ ৰাওনা হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ ৷
লগতে পঢ়কঃ বিজেপিয়ে হিন্দু বিদেশীক লৈ ৰাজনীতি কৰাৰ অভিযোগ চিৰাং জিলাৰ কংগ্ৰেছ কমিটিৰ