ETV Bharat / state

সমষ্টি পুনৰ নিৰ্দ্ধাৰণঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়লৈ জাননী প্ৰেৰণ কৰিছে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ৷ অসমত এই সময়ত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে পৰিস্থিতি অনুকূল নহয় বুলি মন্তব্য কৰিছে এ আই ইউ‌ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) তথা অধিবক্তা আমিনুল ইছলামে ৷

aminul islam commnent on delimitation sc order to Govt
এ আই ইউ‌ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) অধিবক্তা আমিনুল ইছলাম
author img

By

Published : Jul 12, 2020, 1:18 PM IST

গুৱাহাটী, ১২ জুলাইঃ অসমৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত এ আই ইউ ডি এফে তৰা এটা গোচৰৰ আধাৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়লৈ জাননী প্ৰেৰণ কৰিছে । সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখিবলৈ ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত জাৰি কৰা জাননীক একাষৰীয়া কৰি চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ নিৰ্দেশ দিছিল । এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এ আই ইউ‌ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) অধিবক্তা আমিনুল ইছলাম । সেই গোচৰ সন্দৰ্ভতে মুখ্য ন্যায়াধীশ এছ এ বোবদেৰ নেতৃত্বত গঠিত বিচাৰপীঠে শুনানী গ্ৰহণ কৰি শুকুৰবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰে ।

এ আই ইউ‌ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) অধিবক্তা আমিনুল ইছলাম

এই সন্দৰ্ভত আমিনুল ইছলামে কয় যে,"কেন্দ্ৰীয় চৰকাৰে লোৱা সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ সিদ্ধান্তই সংবিধানৰ ১৪, ১৯ আৰু ২১ অনুচ্ছেদৰ অধীনত থকা মৌলিক অধিকাৰ খৰ্ব কৰিছে । তাৰোপৰি প্ৰস্তাৱিত পুনৰ নিৰ্দ্ধাৰণ ২০০১ চনৰ পিয়লৰ ভিত্তিত কৰাৰ কথা কোৱা হৈছে । অথচ অসমত ইতিমধ্যে ২০১১ ৰ পিয়ল সম্পূৰ্ণ হৈছে আৰু ২০২১ ৰ পিয়লৰ প্ৰক্ৰিয়া চলি আছে । জনগাঁঠনিও ২০০১ তকৈ বৰ্তমান সময়ত বহু সলনি হৈছে ।অসমত এই সময়ত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে পৰিস্থিতি অনুকূল নহয় বুলিও তেওঁ মন্তব্য কৰে । ইতিমধ্যে বিষয়টো সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ পৰা উত্তৰ বিচাৰি জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়কঃচীনৰ ঋণৰ জালৰ কূটনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.