ETV Bharat / state

Ambubachi Mela: কামাখ্যাত মহা আয়োজন অম্বুবাচীৰ; বৃহস্পতিবাৰে নিশা আঢ়ৈ বজাত প্ৰবৃত্তি - Kamakhya Temple Ambubachi

বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি । ২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ দুৱাৰ । ২৬ জুনত ৰাতিপুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাচত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব ভক্তৰ বাবে ।

Ambubachi Mela at Kamakhya temple
Ambubachi Mela
author img

By

Published : Jun 22, 2023, 10:09 PM IST

কামাখ্যাত মহা আয়োজন অম্বুবাচীৰ

গুৱাহাটী, 22 জুন: আৰম্ভ হ’ল অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত অম্বুবাচী উপলক্ষে উদুলি-মুদুলি পৰিবেশ ৷ বৃহস্পতিবাৰে নিশাৰ পৰা অম্বুবাচী আৰম্ভ হ’ব সোমবাৰে অন্ত পৰিব ৷ কামাখ্যা মন্দিৰত বৃহস্পতিবাৰে ৰাতি ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি । ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত ৰাতিপুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাচত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ'ব ।

বৃহস্পতিবাৰে সন্ধিয়া কামাখ্যা ষ্টেচনৰ সমীপত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুভ উদ্বোধন কৰে এই অম্বুবাচী মেলাৰ । অনুষ্ঠানত ভাষণ দি জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী মেলাৰ তাৎপৰ্য ব্যাখ্যা কৰে । তেওঁ কয় যে, 2016 চনৰ পৰা পৰা এই মেলাৰ বিষয়ে বহি ৰাজ্যত অসমৰ পৰ্যটন বিভাগে প্ৰচাৰ কৰিছিল । তেতিয়াৰ পৰা মেলাত ভক্তৰ সমাগম বৃদ্ধি হয় । তেওঁ আৰু কয় যে, কামাখ্যা মন্দিৰত ধৰ্মীয় পৰ্যটকৰ প্ৰচুৰ সম্ভৱনা আছে । অম্বুবাচী মেলা শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

অনুষ্ঠানত আদৰণি ভাষণ দি অসম পৰ্যটন নিগমৰ সঞ্চালক ৰণোজ কুমাৰ বৰকাকতিয়ে কয় যে, মেলালৈ অহা 5 হাজাৰ লোক থকাৰ‌ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মায়ো এই অনুষ্ঠানত অম্বুবাচীৰ তাৎপৰ্য ব্যাখ্যা কৰে ।

উল্লেখ্য যে, মেলাৰ কেইদিনত অতি জৰুৰী বাহনৰ বাহিৰে ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ প্ৰৱেশ নীলাচল পাহাৰত নিষিদ্ধ কৰা হৈছে । আইন শৃংখলা আৰু তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্ম্মী, ৫০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছাসেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব । ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৪০০ চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হৈছে ।

লগতে পঢ়ক: International Day of Yoga : কামাখ্যাত বিশ্ব যোগ দিৱস পালন সাধুবাবাৰ

অম্বুবাচী মেলা উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে । সমাগম ঘটিছে হাজাৰ ভক্তৰ‌ । অসমৰ বিভিন্ন ঠাইৰ লগতে পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আদি বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ ভক্তৰ‌ সোঁত বৈছে কামাখ্যালৈ । প্ৰশাসনে কামাখ্যা মন্দিৰৰ নামনিত ভক্তৰ বাবে থকা-খোৱাৰ ব্যৱস্থা কৰিছে । পাণ্ডু ঘাটত পাঁচ হাজাৰ মানুহ থাকিব পৰা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে । লগতে বিভিন্ন খাদ্য ভাণ্ডাৰৰ ব্যৱস্থা কৰিছে ।

অহা ২৬ জুন আৰু ২৭ জুনত বিশেষ দৰ্শনৰ ব্যৱস্থা (৫০১ টকাৰ) বন্ধ থাকিব । ২৬ জুন তাৰিখে ভি. আই. পি./ভি. ভি. আই. পি.ৰ দৰ্শনৰ ব্যৱস্থা নাথাকিব । অম্বুবাচী মহোৎসৱৰ সময়ত এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব । লগতে কোনো ধৰণৰ খাদ্য-সামগ্রী বিতৰণো কৰিব নোৱাৰিব ।

কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ চলাচল কৰা পথছোৱাত মাজে-মাজে চিকিৎসা সেৱা, খোৱাপানী, জিৰণি চ’ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব । এইবাৰ অম্বুবাচীৰ সময়ত ভক্তসকলৰ বাবে মন্দিৰ পৰিক্ৰমাৰ পাচত পূব আৰু পশ্চিম দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.