ETV Bharat / state

Paddy procurement centres: নগাঁৱৰ ৰূপহীহাটৰ ধান ক্ৰয় কেন্দ্ৰত দুৰ্নীতি

author img

By

Published : Mar 30, 2022, 4:57 PM IST

নগাঁৱৰ ৰূপহীহাটত ধান ক্ৰয়ৰ নামত কৃষকক হাৰাশাস্তি । চৰকাৰী ধান ক্ৰয়ৰ নামত নগাঁও কৃষি বিভাগৰ দুৰ্নীতিৰ বজাৰ । উৎকোচ নিদিলে কৃষকৰ ধান ক্ৰয় নকৰাৰ অভিযোগ(Allegations of corruption at paddy procurement centre) ।

allegation-of-paddy-corruption-in-Nagaon procurement-center
নগাঁৱৰ ৰূপহীহাটৰ ধান ক্ৰয় কেন্দ্ৰত দুৰ্নীতি

নগাঁও, 30 মাৰ্চ : খাটি খোৱা কৃষকক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে প্ৰায়েই গ্ৰহণ কৰি আহিছে ইতিবাচক পদক্ষেপ । কিন্তু এই চৰকাৰী পদক্ষেপৰ সুযোগ লৈ ধন ক্ৰয়ত জড়িত একাংশই দুৰ্নীতিত লিপ্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Allegations of corruption at paddy procurement centre) । কপালৰ ঘাম মাটিত পেলাই হাড়ভগা শ্ৰম কৰাৰ পিচতো কৃষকে ফচলৰ উচিত মূল্য নাপাই হাহাকাৰ কৰিবলগীয়া হোৱাটো নতুন কথা নহয় ।

উচিত মূল্যৰ বিনিময়ত কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধান ক্ৰয়ৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সম্প্ৰতি নগাঁৱৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰত ধান ক্ৰয়ৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ধান ক্ৰয় কেন্দ্ৰটোৰ দায়িত্বত থকা একাংশ লোকে কৃষকৰ ধান ক্ৰয়ৰ নামত দুৰ্নীতিত লিপ্ত হোৱাৰো অভিযোগ উঠিছে (Some people of Centre have been harassing farmers by asking bribes)। অভিযোগ অনুসৰি, কেন্দ্ৰটোত ধান বিক্ৰী কৰিবলৈ অহা কৃষকৰ পৰা উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছে কেন্দ্ৰটোৰ একাংশই । আনকি কেন্দ্ৰটোত ঘটিছে দালালৰ পয়োভৰ । দালালৰ জৰিয়তেহে কৃষকে ধান বিক্ৰী কৰাৰ সুযোগ লাভ কৰে ৰূপহীহাটৰ ধান ক্ৰয় কেন্দ্ৰটোত ।

এফ চি আই(FCI)ৰ জৰিয়তে চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ একাংশই কৃষকক লুটি খোৱাৰ যেন এখন মুকলি বজাৰ আৰম্ভ হৈছে নগাঁৱৰ ৰূপহীহাটত । ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে সকলো প্ৰকাৰৰ দুৰ্নীতি, দালালৰাজৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে কৃষকৰ ধান ক্ৰয়ৰ নামতে ৰূপহীহাটত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : Fertilizer scam in Assam: CID ৰ অভিযানত ৯ জন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.