ETV Bharat / state

অমৃত বৃক্ষ আন্দোলনৰ 90 শতাংশ গছপুলিয়েই মৰিল, সদন পালেগৈ বিষয়

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:52 PM IST

Amrit Brikshya Andolan : অমৃত বৃক্ষৰ কি খবৰ ? খবৰ ৰাখিছেনে কোনোবাই ? নে অভিলেখৰ প্ৰমাণপত্ৰতেই সকলো শেষ হ’ল ! অভিযোগ মতে 90 শতাংশ পুলিয়েই হেনো মৰিল ! বিষয়টোৱে স্থান পালে উচ্চ সদনতো ৷

Amrit Brikshya Andolan
অমৃত বৃক্ষ আন্দোলনৰ 90 শতাংশ গছপুলিয়েই মৰিল!

নিউজ ডেস্ক, 16 ডিচেম্বৰ : আঁতৰৰ পৰা দেখিবলৈ সকলো ঠিকেই আছিল ৷ কিন্তু একমাত্ৰ বিজেপি দলৰ লোকৰ বাহিৰে প্ৰায় সকলোৱেই কৈ আছে যে নিজৰ ঢোল কোবোৱাৰ স্বাৰ্থত কোটি কোটি টকা পানীত পেলালে অসম চৰকাৰে ৷ গীতে-মাতে ভৰপূৰ ব্যয়বহুল বিজ্ঞাপন প্ৰস্তুত কৰি, ৱেবচাইট নিৰ্মাণ কৰি, নাচি-বাগি অসম চৰকাৰে ৰোপণ কৰিলে প্ৰায় 1 কোটি 11 লাখ গছপুলি ৷ স্বাভাৱিকতেই সেয়া আছিল অভিলেখৰ কাম ৷ সেয়ে স্থান পালে গীনিজ বুক অব্ ৰেকৰ্ডত ৷ কিন্তু গীনিজ বুক্ অব্ ৰেকৰ্ড কৰ্তৃপক্ষইতো নাজানে সেই ৰেকৰ্ড যে কেৱল ৰেকৰ্ডৰ বাবেহে আছিল ৷ 29 নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেকৰ্ডৰ চাৰ্টিফিকেট গ্ৰহণ কৰাৰ কিছু আগৰে পৰা অভিযোগ উত্থাপিত হৈছিল যে ৰেকৰ্ডৰ বাবে ৰোপণ কৰা গছপুলিৰ প্ৰায়বোৰৰে অস্তিত্ব নাই ৷ কেৱল কথাৰে নহয়, প্ৰমাণসহ উঠিছিল উক্ত অভিযোগ ৷

গছপুলিকো অমৃত নাম দি বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰখনে কৰ-কাটলৰ পৰা সংগ্ৰহ কৰা কোটি কোটি টকা পানীত পেলোৱা বিষয়টোৱে স্থান পালে দেশৰ উচ্চ সদনতো ৷ অসম চৰকাৰৰ এই ভেকোভাওনা সন্দৰ্ভত ৰাজ্যসভাত সম্পূৰ্ণ তথ্য সহকাৰে সদনৰ দৃষ্টি আকৰ্ষণ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ ভূঞাই সদনত দাঙি ধৰা তথ্য মতে অমৃত বৃক্ষৰ 90 শতাংশই এতিয়া আছে মৃত অৱস্থাত ৷ এককথাত মৃত অমৃত ৷

কেৱল অমৃত বৃক্ষৰ কথা কৈয়েই ক্ষান্ত নাথাকিল সাংসদ অজিত ভূঞা ৷ এফালে গছপুলি ৰুই ফিটাহি, আনফালে উন্নয়নৰ জয়ঢোল বজাবলৈ গৈ য’তে-ত’তে, যেতিয়াই-তেতিয়াই চৰকাৰে গছ কাটি থকা বিষয়টোও সদনত উত্থাপন কৰিলে সাংসদগৰাকীয়ে ৷

ৰেকৰ্ডত স্থান পোৱা বহু গছপুলিৰ স্থান এতিয়া ইহ সংসাৰত নাই ৷ কোনোবাই কৈছিল, ঋণ লৈ হ’লেও হেনো ঘিউ খাব লাগে ৷ কথাষাৰ সৰোগত কৰি ৰাজ্য চৰকাৰেও কুঁজা হৈ যোৱাকৈ ঋণ লৈ ঘিউৰ পৰিৱৰ্তে অমৃত খুৱাই সমগ্ৰ কালটোৱেই অমৃত কাল কৰি পেলালে ৷ তাকে বিজেপিৰ বাহিৰে সকলোৱে কৈছে ৷

লগতে পঢ়ক : মৃত অমৃত বৃক্ষ চাবলৈ নামৰূপৰ অভয়পুৰত উপস্থিত হ'ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.