গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ সদৌ গুৱাহাটী ছাত্ৰ সন্থাক আনুষ্ঠানিকভাবে ভংগ কৰা হৈছে। মঙলবাৰে দুপৰীয়া এক বিবৃতি যোগে এই কথা ঘোষণা কৰিছে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি কুশ ৰংপি আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে৷ বিগত সুদীৰ্ঘ সময় ধৰি মাত্ৰ পাঁচজন বিষয়ববীয়াৰেই চলি আছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থা। বাৰম্বাৰ নতুনকৈ শক্তিশালী ৰূপত সদৌ গুৱাহাটী ছাত্ৰ সন্থাক পুনৰ গঠন কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দি আহিছিল যদিও সেই নিৰ্দেশ পালন কৰা নাছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বই।পাঁচজন বিষয়ববীয়াৰে চলি অহা সদৌ গুৱাহাটী ছাত্ৰ সন্থাই যোৱা সময়চোৱাত বহু স্পৰ্শকাতৰ সময়তো কোনো ধৰণৰ কাৰ্যসূচী হাতত লব নোৱাৰি ব্যৰ্থতাৰ পৰিচয় দিছিল বুলিও প্ৰকাশ পাইছে ।
সম্প্ৰতি সদৌ গুৱাহাটী ছাত্ৰ সন্থা পুনৰগঠন নেহোৱা পৰ্যন্ত কামকাজসমূহ পৰিচালনা কৰিবলৈ বিপুল ৰাভা, তপন কলিতা, সীমান্ত ঠাকুৰীয়া, কুশ ৰংপি, আনোৱাৰ হুছেইন, টুটুমণি চৌধুৰী আৰু মৃত্যুঞ্জয় খাটনিয়াৰক লৈ এখন আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছে।