ETV Bharat / state

Constituency Delimitation: শুনানি দিবলৈ আহি কি ক'লে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে ? - অসম ট্ৰাইবেল সংঘ

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে নিৰ্বাচন আয়োগৰ শুনানি ৷ শুনানিত অংশ লৈ প্ৰতিক্ৰিয়া অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে ৷ আয়োগৰ সিদ্ধান্তক আদৰণি অসম ট্ৰাইবেল সংঘৰ ৷

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Jul 19, 2023, 5:10 PM IST

শুনানি দিবলৈ আহি কি ক'লে ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীয়ে ?

গুৱাহাটী,১৯ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত গুৱাহাটীৰ কলাক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুনানি গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগৰ পূৰ্ণপৰ্যায়ৰ দলে । শুনানিত অংশ লোৱা সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

তেওঁ কয় যে ট্ৰাইবেল সংঘৰ ফালৰ পৰা ২৭ মাৰ্চত নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি পাঁচদফীয়া দাবী প্ৰদান কৰা হৈছিল । সেই সূত্ৰে ট্ৰাইবেল সংঘৰ দাবী মানি লৈ পূৰ্বতে অনুসূচীত জনজাতিসকলে বিধানসভা সমষ্টিৰ লাভ কৰা ১৬খন আসন এতিয়া ১৯ খনলৈ বৃদ্ধি কৰিছে নিৰ্বাচনী আয়োগ ৷ অনুসূচীত জাতিৰ ক্ষেত্ৰত আসনৰ সংখ্যা পূৰ্বৰ ৮খনৰ পৰা ৯ খনলৈ বৃদ্ধি কৰা হৈছে ৷

আয়োগৰ সেই সিদ্ধান্তক আমি আদৰণি জনাইছো বুলি তেওঁ কয় । নিৰ্বাচনী আয়োগৰ সেই সিদ্ধান্তক আদৰণি জনালেও কিন্তু কিছুমান অসন্তুষ্টি আছে বুলি ব্যক্ত কৰি তেওঁ কয় যে ইতিমধ্যে নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ দিয়া হৈছে ৷ জনজাতিৰ বাবে বিধানসভাৰ আসন ২০খনলৈ বৃদ্ধি কৰাৰ দাবী জনোৱা হৈছে ।

তেওঁ কয় যে বি টি আৰক ১৫খন আসন দিয়া হৈছে । কাৰ্বি আংলং আৰু এন চি হিলচক ৬খন আসন দিয়া হৈছে । আনহাতে নতুনকৈ কৰা ডিমৰীয়া সমষ্টিক অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰাৰ আমি বিৰোধিতা কৰিছো বুলি তেওঁ কয় । ইয়াক সংৰক্ষণ মুক্ত কৰি খিলঞ্জীয়াক সুবিধা দিব লাগে বুলি সদৰী কৰি তেওঁ আন কেতবোৰ বিষয়ত আয়োগৰ দৃষ্টি আকৰ্ষণ কৰে ।

উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দলটোৱে দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাগসা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহিছে ।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্ৰতিনিধিৰে বৈঠকত বহাৰ ব্যৱস্থা কৰা হৈছে ।

একে সময়তে তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । তিনিদিনীয়া কাৰ্যসূচীৰে অহা নিৰ্বাচন আয়োগৰ দলটোৱে ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্ৰতিনিধিৰে বৈঠকত বহিব ।

শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্ৰহণ কৰিব ৷ ২০ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে বৰ্ণানুক্ৰমিকভাৱে আলোচনাত বহিব ।

আনহাতে ২১ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগৰ দলটো আলোচনাত বহিব ।

ইফালে শুনানি গ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কলাক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

লগতে পঢ়ক: INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.