ETV Bharat / state

লক ডাউনঃ ৰাইজৰ সহায় বিচাৰিলে সদৌ অসম আইন ছাত্ৰসন্থাই - lockdown

নভেল কৰ'ণা ভাইৰাছ চমুকৈ COVID19 সমগ্ৰ বিশ্ববাসীৰ বাবে সন্ত্ৰাসৰ অন্য নাম হৈ পৰিছে । নভেল কৰ'ণা ভাইৰাছৰ আতংকত স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব। ভাৰততো পৰিছে এই মাৰাত্মক ভাইৰাছৰ ব্যাপক প্ৰভাৱ। সামাজিক দূৰত্ব হৈছে ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্র পথ। সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ভাৰতত ঘোষণা কৰা হৈছে তলাবন্ধ। এই তলাবন্ধৰ ফলত বিভিন্ন জন বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সমস্যাগ্ৰস্ত লোক সকলক সহায় কৰিবলৈ অসমবাসীৰ সহায় বিচাৰিছে আইনৰ ছাত্ৰই ।

all assam law student union urge for financial donation

author img

By

Published : Apr 9, 2020, 8:44 PM IST

গুৱাহাটী, 9 এপ্ৰিল : দেশজুৰি অব্যাহত থকা ২১ দিনীয়া তলাবন্ধৰ প্ৰভাৱ কেৱল দেশৰ সাধাৰণ দিন হাজিৰা কৰা দৰিদ্ৰ লোকৰ ওপৰতে পৰা নাই। তলাবন্ধৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সমাজৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজ। দিন হাজিৰা কৰা দৰিদ্ৰ লোক সকলৰ লগতে নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তা সকলো সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ । তলাবন্ধৰ ফলত ন্যায়ালয় সমূহত কাম বন্ধ হৈ পৰাত নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তা সকলৰ উপাৰ্জন সম্পূৰ্ণ বন্ধ হৈ পৰাত এই অধিবক্তা সকলে দুবেলা দুমুঠি খাদ্য সংগ্ৰহ কৰিবলৈ সংগ্রাম কৰিব লগা হৈছে। সংকটৰ এই সময়ত নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তা সকলৰ লগতে তলাবন্ধৰ ফলত সমস্যাৰ সন্মুখীন হোৱা সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোক সকলক সহায় কৰিবলৈ আগুৱাই আহিছে সদৌ অসম আইন ছাত্ৰ সন্থা। সদৌ অসম আইন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃন্ময় কলিতাই অসমবাসী ৰাইজৰ সহায় সহযোগ বিচাৰি আবেদন জনাই কয় যে, সংকটৰ এই সময়ত আমি সকলো একত্ৰিত হৈ সমস্যাৰ সন্মুখীন হোৱা লোক সকলৰ কাষত থিয় দিব লাগিব।

তলাবন্ধৰ সময়ত ৰাইজক সহায়ৰ আহ্বান সদৌ অসম আইন ছাত্ৰসন্থাৰ

মৃন্ময় কলিতাই সংকটৰ সন্মুখীন হোৱা লোক সকলক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা সকলক সদৌ অসম আইন ছাত্ৰ সন্থাৰ বেংক একাউন্টত সমৰ্থ অনুযায়ী অনুদান প্ৰদান কৰিবলৈ আহ্বান জনাইছে । সদৌ অসম আইন ছাত্ৰ সন্থাৰ কানাড়া বেংকৰ একাউণ্টত ৰাইজে অনুদান দিয়া ধনেৰে সন্থাটোৱে নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তা সকলৰ লগতে দিন হাজিৰা কৰা দৰিদ্ৰ শ্ৰেণীৰ লোক সকললৈ সাহায্য প্ৰদান কৰিব।

লগতে পঢ়ক : তলাবন্ধৰ সময়ত আৰু পিচত স্বাস্থ্য, জীৱন নিৰ্বাহ আৰু কৃষি সংকট দূৰ কৰো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.