গুৱাহাটী,29 ফেব্ৰুৱাৰী: ৰাজ্যত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজ্যসভাত খালি হোৱা তিনিখন আসনৰ ভিতৰত এজন হিন্দু বাঙালী প্ৰাৰ্থী প্ৰদানৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন । ৰাজনৈতিক দল সমূহে ৰাজ্যৰ হিন্দু বাঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ।
বিজেপি চৰকাৰে হিন্দু বাঙালী সকলৰ সমস্যা সমাধানৰ কেৱল আশ্বাস প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সভাপতি মহানন্দ সৰকাৰ দত্তই কয় যে, কংগ্ৰছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমূহত ৭-৮ জনকৈ হিন্দু বাঙালীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও বিজেপিয়ে মাত্ৰ এজন হিন্দু বঙালীকহে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল । বিজেপিয়ে কেৱল হিন্দু বঙালীৰ সুৰক্ষাৰ কথা কয় কিন্তু কাম নকৰে । গতিকে চৰকাৰে হিন্দু বঙালী সকলৰ প্ৰতি কেৱল সহানুভূতি প্ৰদৰ্শন নকৰি হিন্দু বঙালী সকলৰ সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনায় সভাপতি দত্তই। চৰকাৰে হিন্দু বঙালীসকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে অন্যথা আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিম বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ।
সভাপতিগৰাকীয়ে পুনৰ কয় য়ে, সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন কেতিয়াও নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰা নাই যদিও আমি চৰকাৰক দাবী জনাইছো যে চৰকাৰে যি কোনো প্ৰকাৰে ১৯৭১ চনৰ পূৰ্বৰ নথি-পত্ৰ থকা হিন্দু বঙালী সকলক নাগৰিকত্ব প্ৰদান কৰিব লাগে । লগতে চৰকাৰে হিন্দু বঙালী সকলৰ সমস্যা সমূহ সমাধানৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য দিয়ে ফেডাৰেচনৰ সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক: সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়াৰ লোকচান হ’ব, উপকৃত হ’ব বাংলাদেশী : উপমন্যু হাজৰিকা