ETV Bharat / state

মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

author img

By

Published : May 24, 2021, 8:27 PM IST

পঞ্চাদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অপমান সূচক মন্তব্য কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷

Akhil Gogoi's statement was issued after the chief minister's remarks
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাচতে বিবৃতি প্ৰেৰণ অখিল গগৈৰ

নিউজ ডেক্স, 24 মে': সোমবাৰে পঞ্চাদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অপমান সূচক মন্তব্য কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷ তৃতীয় দিনৰ দ্বিতীয় কাৰ্যসূচী ৰাজ্যপালৰ ভাষণৰ ওপৰত বিৰোধী পক্ষৰ সদস্যসকলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ কৰা টুলুঙা মন্তব্যৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ প্ৰসংগত অখিল গগৈ মানসিক ৰোগী আৰু দীৰ্ঘদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি মন্তব্য কৰাৰ লগতে এঠাইৰ পৰা আনঠাইলৈ ঘুৰি ফুৰাটোৱে তেওঁৰ বেমাৰ আৰু অধিৱেশনৰ প্ৰথম দিনটোতে এজনৰ পাচত আনজন বিধায়কৰ ওচৰলৈ গৈ কৰ'ণা বিয়পোৱা বুলি কৰা মন্তব্যক তৰল মন্তব্য বুলি আখ্যা দিয়ে অখিল গগৈয়ে ৷

এই সন্দৰ্ভত অখিল গগৈয়ে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰে ৷ বিবৃতিত অখিল গগৈয়ে কয় যে, ‘ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত লোকজনৰ এনে মন্তব্য পাতল চিন্তাৰ মানুহৰ দৰে মন্তব্য ৷’ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য অশালীন, অমাৰ্জিত আৰু সদনৰ মৰ্যদা হানিকাৰক বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৷

মুখ্যমন্ত্ৰীৰ দৰে পদত থকা ব্যক্তিৰ মুখৰ এনে অশোভনীয় আৰু ব্যক্তিগত মন্তব্য মুঠেও গ্ৰহণযোগ্য নহয় ৷ হিমন্ত বিশ্ব শৰ্মাই নিজকে উৰুলিপুঙা আৰু অভদ্ৰ মানুহ হিচাপে পৰিচয় দিছে ৷ এনে তৰল চিন্তাৰ মানুহ মুখ্যমন্ত্ৰী পদৰ দৰে দায়িত্বশীল পদৰ বাবে উপযুক্ত নহয় ৷

লগতে বিবৃতিত অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ এনে মন্তব্য কেৱল নিন্দনীয়ই নহয় চিন্তনীয়ও, এনে মানসিকতাৰ লোকৰ হাতত ৰাজ্যখনৰ শাসনভাৰ দিয়াটো উচিত হৈছে নে নাই বিবেচনা কৰিবলৈ বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাইছে ৷

উল্লেখ্য যে, অখিল গগৈয়ে "মেম': এমএলএ/এচ আই ডি/2021/0015 নম্বৰৰ পেডত এক পত্ৰ যোগে বিধানসভাৰ মাননীয় অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কাৰ্য বিৱৰণী আৰু সদনৰ দৃশ্য-শ্ৰাব্য চাৰ্টিফাইড কপি বিচাৰি আবেদন জনাইছে৷ লগতে অচিৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিবলৈ প্ৰস্তুতি চলাইছে বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে ক’লে অখিল মানসিক ৰোগী: ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.