ETV Bharat / state

অনশনত বহিল অখিল গগৈ

author img

By

Published : Jun 26, 2020, 5:44 AM IST

কাৰাগাৰৰ ভিতৰতেই অনশনত বহে কৃষক নেতা গৰাকী ৷ COVID- 19 সংক্ৰমণৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ লগতে কাৰাগাৰৰ আভ্যন্তৰীণ সমস্যা সমাধানৰ দাবীত কৃষক নেতাগৰাকী অনশনত বহে ৷

অনশনত বহিল অখিল গগৈ
অনশনত বহিল অখিল গগৈ

গুৱাহাটী, 26 জুনঃ কাৰাবন্দী হৈ থকা অখিল গগৈ অনশত বহিল কাৰাগাৰৰ ভিতৰতে ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা তেওঁ অনশনত বহে ৷ 23 এপ্ৰিলৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতাজনে COVID- 19 সংক্ৰমণৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ লগতে কাৰাগাৰৰ আভ্যন্তৰীণ সমস্যা সমাধানৰ দাবীত বহে ৷

নেতাজনৰ এগৰাকী সতীৰ্থই এক ভিডিঅ'ত প্ৰকাশ কৰা অনুসৰি কাৰাগাৰ খনৰ ভিতৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ কোনো ব্যৱস্থা নাই ৷ আনহাতে পুৰণি কয়দী সকলে নতুন কয়দী সকলৰ সৈতে সততে মিলা মিছা কৰে ৷ যাৰ ফলত কাৰাগাৰৰ ভিতৰত অতি সহজে এই ৰোগ বিয়পাৰ সুযোগ আছে ৷

অনশনত বহিল অখিল গগৈ

ইপিনে, কাৰাগাৰৰ ভিতৰত খাদ্যৰ লগতে আন সুবিধা সমূহো তেনেই সীমিত বুলি লোক জনে উল্লেখ কৰে ৷

আনহাতে, কাৰাগাৰ ভিতৰত সংক্ৰমণ ৰোধৰ কোনো ব্যৱস্থা নললেও কৰ'ণাৰ অজুহাত দেখুৱাই কৃষক নেতাগৰাকীক তেওঁৰ উকিল, পৰিয়াল বা সংগঠনৰ লোকক সাক্ষাৎ কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিৰ সদস্য জনে ৷

উল্লেখ্য যে, CAA আন্দোলনৰ সময়ৰ পৰাই বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিছে অখিল গগৈক ৷

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.