গুৱাহাটী, 9 আগষ্ট : সম্প্ৰতি নানা সমস্যাৰে ভাৰাক্ৰান্ত অসম । এই সময়চোৱাত অসম আৰু অসমীয়াৰ হকে মাত মাতিবলৈ প্ৰয়োজন আঞ্চলিক শক্তিৰ । কিয়নো ৰাজ্যৰ সমস্যা সদায়ে অগ্ৰাহ্য় কৰি আহিছে দিল্লীয়ে । এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ ৷ শাসকীয় বিজেপি দলে স্বৈৰাচাৰিতাৰ সকলো সীমা পাৰ কৰি দিয়া বুলিও কয় গগৈয়ে । ইফালে, বৰ্তমান অসমত থকা আঞ্চলিক শক্তিয়ে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । যি সময়ত অসমৰ সমস্যাক লৈ দিল্লীক হেঁচা প্ৰয়োগ কৰি ৰাইজৰ সমস্যা সমাধানৰ পথ উলিয়াব লাগিছিল ঠিক তেনে সময়ত অসমৰ আঞ্চলিক শক্তিসমূহ নিঃশেষ হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত এটা সঁচা অৰ্থত আঞ্চলিকবাদী চিন্তাধাৰাৰ দল প্ৰয়োজন হৈ পৰিছে।
আনহাতে অসম আৰু অসমীয়াৰ হকে মাত মাতিবলৈ নিজৰ আঞ্চলিক দল জন্ম দিয়া চিন্তা চৰ্চা আগবঢ়োৱাৰ কথা উল্লেখ কৰে কৃষক নেতা অখিল গগৈয়ে ।