গুৱাহাটী, ১৩ জুলাই : ৰাজ্যজুৰি অব্যাহত থকা এনকাউণ্টাৰক লৈ পুনৰ সৰৱ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ । মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয়, 'অসমৰ আইন-আদালত সকলো বন্ধ কৰি দিব লাগে । অসমত এতিয়া আইন-আদালতৰ কাম নাই । কাৰণ এতিয়া অসমত আইন-আদালতক গুৰুত্বহীন কৰি অভিযুক্তক এনকাউণ্টাৰৰ নামত গুলীয়াই হত্যা কৰা হৈছে' ।
তেওঁ লগতে কয় যে, প্ৰকৃততে এনকাউণ্টাৰৰ যোগেদি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া হৈছে । এনেকুৱা ধৰণৰ এনকাউণ্টাৰ হ'লে নিৰপৰাধী লোকৰ মৃত্যু হ'ব পাৰে । এই এনকাউণ্টাৰ অতি ভয়াৱহ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পুলিচৰাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে ।
অখিল গগৈয়ে কয় যে, অসমত এতিয়া আদালতসমূহ বন্ধ কৰি দিব লাগে । মুখ্যমন্ত্ৰীক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পাতি দিব লাগে । মুখ্যমন্ত্ৰীয়ে একনায়কত্ববাদী তথা ফেচীবাদী শাসন চলাইছে ।
তেওঁ লগতে কয়, 'আনকি এইখন চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোৱা আমাৰ দৰে লোককো এনকাউণ্টাৰ কৰিব পাৰে । সাংবাদিককো এনকাউণ্টাৰ কৰিব পাৰে । ভুৱা এনকাউণ্টাৰ কৰি ড্ৰাগছ পোৱা বুলি কৈ অভিযুক্ত সজাব পাৰে ।' চৰকাৰখনৰ ড্ৰাগছ বিৰোধী অভিযানক নাটক আখ্যা দি বিধায়ক অখিল গগৈয়ে কয় যে, মানুহৰ চকুত ধূলি দিয়াৰ বাবে চৰকাৰে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযান প্ৰকৃততে এখন নাটক ।
তেওঁ লগতে কয় যে, চৰকাৰখনে চুবুৰীয়া ৰাজ্যৰ লগত সমন্বয় ৰক্ষা কৰি অভিযান চলোৱা নাই । অসমৰ মাজেৰে সৰবৰাহ হৈ থকা ড্ৰাগছৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । তদুপৰি এণ্টি ড্ৰাগছ টাস্ক ফ'ৰ্চ গঠন কৰা নাই । এইখন চৰকাৰে ড্ৰাগছকে ধৰি বিভিন্ন ক্ষেত্রত অভিযান চলোৱাৰ নামত এনকাউণ্টাৰ কৰি অসমখনত 'পুলিচৰাজ' চলোৱাৰ চেষ্টা কৰিছে ।
তেওঁ অসমখনক কেতিয়াও উত্তৰ প্ৰদেশৰ দৰে হ'বলৈ নিদিয়ে বুলি কোৱাৰ লগতে সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে । কেৱল এয়াই নহয়, আৰক্ষীৰ সৈতে ব্যৱসায়ীৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত কিয় হোৱা নাই বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । আনহাতে, বিধানসভাত অখিল গগৈয়ে ৰাজ্যত কিমান অবৈধ ছিণ্ডিকেট চলি আছে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যত কোনো ছিণ্ডিকেট নাই বুলি উত্তৰ দিয়ে ৰাজ্য চৰকাৰে ।
লগতে পঢ়ক: ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিৰ আত্মসমৰ্পণ