গুৱাহাটী,20 ফেব্ৰুৱাৰী: অসম চুক্তিৰ 6 নং দফা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈৰ । প্ৰতিবেদনখন স্বয়ংসম্পূৰ্ণ নহয় বুলি অখিল গগৈৰ অভিযোগ ।
বৃহস্পতিবাৰে অখিল গগৈক চিকিৎসাৰ বাবে জি এম চি হাস্পতাললৈ অনা হৈছিল ৷ চিকিৎসালয়ত সাংবাদিকৰে লগত হোৱা সাক্ষাৎকাৰত অসম চুক্তিৰ 6নং দফাৰ ওপৰত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন সন্দৰ্ভত অখিল গগৈয়ে কয়, প্ৰতিবেদনখন স্বয়ংসম্পূৰ্ণ নহয় ৷ প্ৰতিবেদনখনত আৰু গুৰুত্বপূৰ্ণ তথ্য সংযোজিত কৰাৰ প্ৰয়োজন আছে ৷ লগতে কেন্দ্ৰ চৰকাৰে শীঘ্ৰে প্ৰতিবেদনখন গ্ৰহণ কৰিব লাগে আৰু প্ৰতিবেদনখন 15 মাৰ্চৰ ভিতৰত যদি গ্ৰহণ নকৰে তেন্তে প্ৰতিবেদনখন নাকচ হৈ যোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য দিয়ে অখিল গগৈয়ে ৷
উল্লেখ্য যে মাওবাদীৰ গোচৰত ন্যায়িক জিম্মাত ৰখা অখিল গগৈক স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে জিএমচি হাস্পতাললৈ অনা হৈছিল ৷
লগতে পঢ়ক: