ETV Bharat / state

অসমৰ তিনিজন আধুনিক বদন কোন ? - অসমৰ তিনিজন আধুনিক বদন কোন ?

আছুৰ কেব সন্দৰ্ভত বৰ্তমানৰ স্থিতিকো কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ জৰীয়তে আছু লৈ অখিল গগৈৰ মুকলি প্ৰশ্ন, আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ?

অসমৰ তিনিজন আধুনিক বদন কোন ?
author img

By

Published : Nov 20, 2019, 9:26 PM IST

গুৱাহাটী, 20 নৱেম্বৰঃ কেবৰ বিৰোধিতা কৰি অখিল গগৈয়ে বুধবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এখন সংবাদমেলৰ। অখিল গগৈৰ মন্তব্য তিনিজন আধুনিক বদনৰ জন্ম অসমত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈ কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ তেওঁ কয় যে, অসমত তিনিজন আধুনিক বদন আছে, ইয়াৰে প্ৰথমজন বদন সৰ্বানন্দ সোণোৱাল দ্বিতীয় জন হিমন্ত বিশ্ব শৰ্মা আৰু তৃতীয়জন বদন চন্দ্রমোহন পাটোৱাৰী। ক্ষমতা আৰু গাদীৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে। ইতিহাসে ক্ষমা কেতিয়াও নকৰে এই কেইজন নেতাক ।

আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ?
ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহিত হয় ৰাজ্যত মুঠ 20 লাখ হিন্দু বিদেশীয়ে নাগৰিকত্ব পাব বুলি কয় কৃষক নেতাজনে। আছুৰ কেব সন্দৰ্ভত বৰ্তমানৰ স্থিতিকো কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ জৰীয়তে আছু লৈ অখিল গগৈৰ মুকলি প্ৰশ্ন, আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাৱে নেকি ? আছু যদি সত্য অথবা আদৰ্শৱান হয় তেন্তে উচ্চ স্তৰীয় কমিটিৰ পৰা ওলাই আহক । 6 নং দফা ৰূপায়ণৰ উচ্চ স্তৰীয় কমিটিত আছু এতিয়ালৈ থকাতো লজ্জাৰ বিষয় বুলি প্ৰকাশ কৰে। বিভেদ পৰিহাৰ কৰি আছুক একেলগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাই অখিল গগৈয়ে।

আনহাতে আঞ্চলিক দল অগপকো কটু ভাষাৰে সমালোচনা থকা সৰকা কৰে অখিল গগৈয়ে। অতুল বৰাৰ কেব সন্দৰ্ভত কৰা মন্তব্যৰ আঁত ধৰি গগৈয়ে কয় য়ে, এই দলৰ অস্তিত্ব নাথাকিব যদি বিজেপিৰ সৈতে হোৱা মিত্ৰ জোঁট চৰকাৰ ভংগ নকৰে। অতুল বৰাৰ বক্তব্যৰ পিছত সত্য প্ৰমাণিত হ'ল যে অগপই নৰম হৈ দিলে বিজেপি চৰকাৰৰ আগত। বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক অখিল গগৈয়ে কেব সন্দৰ্ভত লোৱা স্থিতিৰ বাবে প্ৰশংসা কৰে ৷ কেৱল আছু আৰু অগপক নহয় কংগ্ৰেছ দলকো সমালোচনাৰে ঠকাসৰকা কৰা দেখা গ'ল সংবাদমেলত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিয়ে কেব সন্দৰ্ভত স্থিতি নজনাটো দুৰ্ভাগ্যজনক আখ্যা অখিল গগৈৰ।

লগতে চাওকঃসমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

Intro:কেবৰ বিৰোধিতা কৰি অখিল গগৈৰ সংবাদমেল কৃষক মুক্তিৰ কাৰ্যালয়ত। তিনিজন আধুনিক বদনৰ জন্ম অসমত। প্ৰথম জন সৰ্বানন্দ সোণোৱাল দ্বিতীয় জন হিমন্ত বিশ্ব শৰ্মা আৰু তৃতীয় চন্দ্রমোহন পাটোৱাৰী। ক্ষমতা আৰু গাদীৰ স্বাৰ্থত সৰ্বানন্দ সোনোৱালে অসমীয়া জাতিক বিশ্বাস ঘাটকতা কৰিছে। ইতিহাসে ক্ষমা নকৰে এই কেইজন নেতাক ।

Body:কেব যদি গৃহিত হয় ৰাজ্যত মুঠ 20 লাখ হিন্দু বিদেশীয়ে নাগৰিকত্ব পাব। আছুৰ কেব সন্দৰ্ভত বৰ্তমান স্থিতিক সমালোচনা অখিল গগৈৰ। আছু লৈ অখিল গগৈৰ মুকলি প্ৰশ্ন যে আছুৱে বিদেশী সমস্যাক আপোচবিহীন বুলি ভাবে নেকি ? আছু যদি সত্য অথবা আদৰ্শবান হয় তেন্তে উচ্চ স্তৰীয় কমিটিৰ পৰা ওলাই আহক । 6 নং দফা ৰূপায়ণৰ উচ্চ স্তৰীয় কমিটিত আছু এতিয়ালৈ থকা তো লজ্জাৰ বিষয়। বিভেদ পৰিহাৰ কৰি আছু ক একেলগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ ওলাই আহিবলৈ আহ্বান অখিল গগৈৰ। আঞ্চলিক দল অগপ ক কটু ভাষাৰে সমালোচনা অখিল গগৈৰ। অতুল বৰাৰ কেব সন্দৰ্ভত কৰা মন্তব্যক সমালোচনা অখিলৰ । এই দলৰ অস্তিত্ব নাথাকিব যদি বিজেপি ৰ সৈতে হোৱা মিত্ৰ জোঁট চৰকাৰ ভঙ্গ নকৰে বুলি কলে অখিল গগৈয়ে । অতুল বৰাৰ বক্তব্যৰ পিছত সত্য প্ৰমাণিত হল যে অগপই দুবকি দিলে বিজেপি চৰকাৰৰ আগত। প্ৰফুল্ল মহন্তক প্ৰশংসা অখিল গগৈৰ। কেব সন্দৰ্ভত লোৱা স্থিতিৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তক প্ৰশংসা অখিল গগৈৰ।

Conclusion:কেৱল আছু আৰু অগপক নহয় কংগ্ৰেছ দলকো সমালোচনা ৰে ঠকাসৰকা অখিল গগৈৰ। ৰিপুন বৰাই কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিয়ে কেব সন্দৰ্ভত স্থিতি নোজনাটো দুৰ্ভাগ্যজনক আখ্যা অখিল গগৈৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.