ETV Bharat / state

কিয় ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে ? - NIA ৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজনৈতিক দল গঠন অখিল গগৈৰ

NIA ৰ পৰা পৰিত্ৰাণ পাবলৈ অখিল গগৈয়ে গঠন কৰিছিল ৰাইজৰ দল(Akhil Gogoi formed Raijor Dal to get rid of Nia) ৷ ৰাইজৰ দলৰ মূল নেতা তথা সভাপতি অখিল গগৈৰ কাম আৰু কথাত অতিষ্ঠ হৈ 12 এপ্ৰিলত আনুষ্ঠানিকভাৱে দলত্যাগ কৰিছিল কমল কুমাৰ মেধিয়ে ৷ এই কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে ৷

Akhil Gogoi formed Raijor Dal to get rid of Nia
কিয় ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে ?
author img

By

Published : Apr 21, 2022, 11:11 AM IST

গুৱাহাটী, 21 এপ্ৰিল : অৱশেষত মুখ খুলিলে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে (Kamal Kumar Medhi quits Raijor Dal) ৷ দল ত্যাগৰ প্ৰসংগত কমল কুমাৰ মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, NIA ৰ পৰা পৰিত্ৰাণ পাবলৈহে অখিল গগৈয়ে ৰাইজৰ দল গঠন কৰিছিল(Akhil Gogoi formed Raijor Dal to get rid of Nia) ৷ বৰ্তমান সময়ত অখিল গগৈ প্ৰদান কৰা বক্তব্যসমূহত স্পষ্ট হৈছে এই কথা ৷

লগতে তেওঁ কয় যে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ক’বলৈ বহুত আছে ৷ কিন্তু দলত্যাগ কৰি অহাৰ বাবে এতিয়া নেতিবাচক কথাবোৰ কোৱাৰ পৰা বিৰত আছে ৷ বুধবাৰে নিজা বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদকগৰাকীয়ে ৷

আনকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ সৰ্বময় কর্তা বুলিও উল্লেখ কৰে মেধিয়ে । আনহাতে, ‘‘কিছুদিন সংবাদ মাধ্যমত অখিল গগৈয়ে উল্লেখ কৰিছিল যে, তেওঁ ঘটনাক্ৰমেহে ৰাজনীতিলৈ আহিল । ৰাজনীতিলৈ আহি তেওঁ ভুল কৰিলে । সেয়ে পুনৰ ৰাজপথৰ সংগ্ৰামলৈ তেওঁ ঘূৰি যাবলৈ বিচাৰি আছে । গগৈয়ে হয়তো কৌশলগত কাৰণত এনে কথা ক’ব পাৰে’’ বুলি মেধিয়ে সদৰি কৰে ।

কিয় ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে ?

কিন্তু এই কথাই দলৰ নেতা-কর্মীসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷ লগতে তেওঁ কয় যে, দলটো মূল নেতৃত্বজনেই যদি দলত্যাগ কৰি ৰাজপথলৈ যাব বুলি কৈছে । তেন্তে বাকীসকল দলৰ নেতা-কৰ্মীয়ে কি কৰিব ? নতুন মানুহ দললৈ কি কাৰণত আহিব ? আনকি দলৰ ভিতৰত থকাসকলৰ মনত হতাশা নাহিব নেকি !

লগতে পঢ়ক : আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী IPS বিষয়া: কমল কুমাৰ মেধি

অখিল গগৈ জেলত থাকোতে কমল কুমাৰ মেধিৰ লগতে দলীয় কৰ্মীসকলে আশা কৰিছিল যে, মুকলি হৈ আহিয়েই দলক সন্মুখৰ পৰা নেতৃত্ব দিব গগৈয়ে । দলটোক এটা গতিশীল পৰ্যায়ত প্ৰতিষ্ঠা কৰিব । কিন্তু আশ্চৰ্যজনকভাৱে জেলৰ পৰা মুকলি হোৱাৰ 10 মাহ হৈ গ’ল । তথাপিও আজিলৈকে দলটোক সঠিকভাৱে আগবঢ়াই নিয়াত তৎপৰতা দেখা নাপালো বুলি ক্ষোভ প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে ৷

কমল কুমাৰ মেধিৰ বিস্ফোৰণ

আনহাতে, দলৰ সাংগঠনিক কাম-কাজত অন্যান্য জিলালৈ গ’লে দলটোৰ পঞ্জীয়ন কি কাৰণত হোৱা নাই, কৰ্মীসকলে দলৰ শীৰ্ষ মহলক সুধি ব্যতিব্যস্ত কৰে । সভাপতি গগৈক এই কথাবোৰ ক’লে অন্য কথালৈহে বিষয়টো ঠেলি দিয়ে । অৰ্থাৎ দলটোৰ সম্বন্ধে সভাপতি গৰাকীৰ কোনো তৎপৰতা দেখা নাপালে মেধিয়ে । সেয়ে ৰাইজৰ দল ত্যাগ কৰিলে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক : ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.