ETV Bharat / state

Akhil Gogoi appears before NIA court: কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ অখিল গগৈ

বৃহস্পতিবাৰে NIA আদালত হাজিৰ হ’ল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ অখিল গগৈৰ লগতে হাজিৰ হ’ল আন তিনি সতীৰ্থ বিতু সোণোৱাল, মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ ৷ কা বিৰোধী আন্দোলনৰ (Assam CAA protest) সময়ত চাৰিওগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷

Akhil Gogoi Appears Before NIA Court
কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ হ’ল অখিল গগৈ
author img

By

Published : Feb 23, 2023, 1:42 PM IST

কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ হ’ল অখিল গগৈ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: আজি NIA আদালতত হাজিৰ হ’ল ৰাইজৰ দলৰ সভাপতি তথা শিৱাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৷ উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পুনৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে NIAক অনুমতি প্ৰদান কৰাৰ পাচতেই অখিল গগৈক আদালতত হাজিৰ হ’বলৈ প্ৰেৰণ কৰা হৈছিল জাননী ৷

বৃহস্পতিবাৰে, পুৱা অখিল গগৈসহিতে NIA আদালতত হাজিৰ হ’ল তিনি সতীৰ্থ বিতু সোণোৱাল , মানস কোঁৱৰ , ধৈৰ্য কোঁৱৰ (Akhil Gogoi Appears Before NIA Court) ৷ উল্লেখ্য যে, CAA বিৰোধী আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটিব লগা হৈছিল অখিল গগৈয়ে ৷ যাৰ বাবে কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অখিল গগৈ ৷ নিৰ্বাচনত জয় লাভ কৰাৰ পাচতেই অখিল গগৈ 2022 চনৰ 21 জুলাইত আহিছিল মুকলি আকাশৰ তললৈ ৷ কিন্তু সেয়া যেন অখিল গগৈৰ বাবে সাময়িক সকাহহে আছিল ৷ অখিল গগৈৰ লগতে মুকলি কৰি দিয়া হৈছিল আন তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক (Assam CAA protest) ৷

তিনিওৰে বিৰুদ্ধে NIA কোনো ধৰণৰ তথ্য প্ৰদান কৰিব নোৱাৰাৰ বাবেই কৰি দিয়া হৈছিল মুকলি ৷ কিন্তু সেই পুৰণি গোচৰ সন্দৰ্ভতে আজি পুনৰ NIA আদালতত হাজিৰ হ’ল অখিল গগৈ ৷ এই সন্দৰ্ভত অখিল গগৈ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ (SC protects Akhil Gogoi) ৷ শুকুৰবাৰে অখিল গগৈৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে ৷ NIA আদালতত হাজিৰ হলেও গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিল গগৈক (MLA Akhil Gogoi) ৷

ইফালে, বৃহস্পতিবাৰে অখিল গগৈ NIA আদালতত হাজিৰ হোৱাৰ পূৰ্বে তেওঁৰ সমৰ্থনত চানমাৰিত ভিৰ কৰেহি কৃষক মুক্তি আৰু ৰাইজৰ দলৰ শতাধিক কাৰ্যকৰ্তাই ৷ আনহাতে, বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদমাধ্যৰ আগত মন্তব্য কৰে অখিল গগৈয়ে ৷ CAA আন্দোনলৰ সকলো অভিযোগ তেওঁৰ ওপৰত জাপি দিয়া বুলিও অভিযোগ অখিল গগৈৰ (NIA case against Akhil Gogoi) ৷

উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ (Anti CAA protest) সময়ত NIA case 121/2021 ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ 28 ফেব্ৰুৱাৰীত পুনৰ NIA আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ ৷

স্মৰ্তব্য যে, বিধায়ক হোৱাৰ পাচতহে NIA আদালতে অখিল গগৈক অভিযোগমুক্ত ঘোষণা কৰাত কাৰাবন্দী জীৱনৰ অৱসান ঘটিছিল ৷ কিন্তু এয়া যেন সাময়িক জে’লমুক্ত জীৱন আছিল অখিল গগৈৰ ৷ অখিল গগৈৰ কাৰামুক্ত হোৱাটো সন্মানৰ প্ৰশ্ন হৈ পৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বাবে । সেয়ে, সেইটো গোচৰৰ NIA আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই NIA কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ (NIA charge sheet against Akhil Gogoi)। শেহতীয়াভাৱে নিয়া আদালতে দিয়া ৰায়দান নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ইয়াৰ পাচতেই অখিল গগৈলৈ NIA আদালতত হাজিৰ হ’বলৈ প্ৰেৰণ কৰা হ’ল চমন ৷

লগতে পঢ়ক: Lok Sabha Election 2024: অক্টোবৰত BPFয়ে ঘোষণা কৰিব কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.