- পুনৰ অসুস্থ হৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (MLA Akhil Gogoi)
- দিল্লীৰ পৰা অহাৰ পাছতে পুনৰ অসুস্থ অনুভৱ কৰাত বিধায়কগৰাকীক শুকুৰবাৰে GMCHত ভৰ্তি কৰোৱা হয় (Akhil Gogoi Admitted in GMCH)
- জানিব পৰা মতে, বুকুৰ বিষত আক্ৰান্ত হোৱা বাবে বিধায়ক গগৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যায় (Gauhati Medical College and Hospital)
- চিকিৎসকৰ পৰামৰ্শ মৰ্মে তেওঁক জি এম চি এইচত ভৰ্তি কৰোৱা হয়
- উল্লেখ যে, কাৰাগাৰত থকাৰ সময়ৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈছিল বিধায়ক অখিল গগৈ
- বিগত ২৬ অক্টোবৰত দিল্লীত হঠাতে অসুস্থ হৈ পৰাত বিধায়ক গগৈক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল
- পিছত স্বাস্থ্যৰ উন্নতি হোৱাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল
- কিন্তু আজি আকৌ অসুস্থ হৈ পৰাত জি এম চি এইচত ভৰ্তি কৰোৱা হয়