গুৱাহাটী,20 অক্টোবৰঃ শনিবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় 'আকাশবাণী সংগীত সন্মিলন 2019'। দেশৰ 24খন চহৰত একে সময়তে অনুষ্ঠিত হৈছে এই সন্মিলন । সন্মিলনত কেইবাগৰাকীও প্ৰখ্যাত লোক সংগীত, সত্ৰীয়া সংগীত, আধুনিক সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰি সংগীত পৰিৱেশন কৰে। সেই অনুসৰি উক্ত অনুষ্ঠানত প্ৰণিতা বৈশ্য মেধিয়ে পৰিৱেশন কৰে অসমীয়া লোক সংগীত । তাৰোপৰি মুম্বাইৰ প্ৰসিদ্ধ শিল্পী পণ্ডিত ঘনশ্যাম ভাছৱানীয়ে গজল আৰু গুজৰাটৰ প্ৰখ্যাত গায়িকা গাৰ্গী ভৰাই গুজৰাটী আধুনিক সংগীত পৰিৱেশন কৰে । এই সন্মিলনৰ জৰিয়তে লোকসংগীতক ৰাইজৰ মাজত তুলি ধৰাৰ প্ৰয়াস কৰে আকাশবাণীয়ে।
মাছখোৱাত " আকাশবাণী সংগীত সন্মিলন 2019 " - আকাশবাণী গুৱাহাটীৰ বাতৰি
ৰাইজৰ মাজত লোকসংগীত তুলি ধৰা প্ৰয়াস আকাশবাণীৰ ৷ দেশৰ 24খন চহৰত একে সময়তে অনুষ্ঠিত হৈছে " আকাশবাণী সংগীত সন্মিলন 2019 " ৷