ETV Bharat / state

কা বাতিল আৰু পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত এজেওৱাইচিপিৰ গণ অৱস্থান

author img

By

Published : Jan 10, 2021, 12:30 PM IST

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ 'কা' বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত এক গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ন কৰে । নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ পুনৰ প্ৰবৰ্তনৰ বাবে সংগঠনটোৱে ইতিমধ্যে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰি ন্যায়িক যুঁজ বাহাল ৰাখিছে ।

কা বাতিল আৰু পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত ৰাজ্য জুৰি যুৱ-ছাত্ৰৰ গণ অৱস্থান

গুৱাহাটী, ৯ জানুৱাৰী: সংশোধিত নাগৰিকত্ব আইন চমুকৈ 'কা' আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰবৰ্তন চমুকৈ আই এল পিৰ দাবীত শনিবাৰে গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । কাৰ্যসূচীৰ অন্তত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমীয়া জাতিধংসী আৰু অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে । 'কা'ৰ বিৰোধিতাত পৰিষদে অব্যাহত ৰখা এই সংগ্ৰামখনি অনাগত সময়ত অধিক সুসংযত আৰু তীব্ৰতাৰে আগবঢ়াই লৈ যাব । অসাংবিধানিক এই ক'লা আইনখনৰ বিৰুদ্ধে সমগ্ৰ অসমতে জন সজাগতাৰ সৃষ্টি কৰি এই আন্দোলনক এক গণ আন্দোলনৰ ৰূপ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিব ।

সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিগত চাৰিটা দশক ধৰি অৰ্থাৎ পৰিষদৰ জন্মলগ্নৰে পৰা অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত সংগ্ৰাম কৰি আহিছে । তৎসত্বেও বিগত সময়ত কেন্দ্ৰ অথবা ৰাজ্যৰ কোনো এখন চৰকাৰে পৰিষদৰ এই যুক্তিনিষ্ঠ আৰু ন্যায্য দাবীক অস্বীকাৰ কৰি আহিছে । যাৰ পৰিণতিত অসমৰ স্বভূমিতে ইয়াৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ সকলে আজি নিজৰ অস্তিত্ব সংকটত থাকিবলগীয়া হৈছে ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ চমুকৈ আই এল পি ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ বাবে সংগঠনটোৱে ইতিমধ্যে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰি ন্যায়িক যুঁজ বাহাল ৰাখিছে । ইয়াৰ সামন্তৰালভাবে পৰিষদে দুয়োটা দাবী ৰূপায়নৰ বাবে ইতিপূৰ্বে এলানি ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছে আৰু ইয়াৰ অংশস্বৰূপে শনিবাৰে এই কাৰ্য্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক: কাছাৰত পথ নিৰ্মাণক লৈ দুই শতাধিক ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.