ETV Bharat / state

Palm oil plantation in Assam: ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰে; এজেপি

পাম অইলৰ খেতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া । পাম তেলৰ খেতিয়ে বিনষ্ট কৰিব পৰিৱেশ । জৈৱ-বৈচিত্ৰৰ প্ৰতি আহিব ভাবুকি । পাম খেতিৰ ব্যাপকতাৰ ফলত অসমৰ প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত উদ্বেগজনকভাৱে নেতিবাচক প্ৰভাৱ পৰিব । ৰাজ্যত মাৰাত্মক পাম তেলৰ খেতিক উৎসাহিত নকৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান ।

Palm oil plantation in Assam
Palm oil plantation in Assam
author img

By

Published : Aug 8, 2023, 9:03 PM IST

পাম অইলৰ খেতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৮ আগষ্ট: বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে আজিৰে পৰা পাম তেলৰ খেতি আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি বুলি মত প্ৰকাশ কৰি উক্ত বিষাক্ত খেতি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাঘাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু যোগগুৰু ৰামদেৱ আজি যৌথভাৱে ৰোপণ কৰিলে পাম অইলৰ পুলি । ইয়াক লৈ সৰৱ হৈ পৰিছে এজেপি ।

লক্ষণীয় বিষয় যে এজেপিয়ে আৰম্ভণিৰ পৰাই পাম তেলৰ খেতিৰ বিৰোধিতা কৰি আহিছে । দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি এক বিবৃতি যোগে কয় যে পাম তেলৰ খেতিয়ে মাটিৰ তলৰ পানী অতিৰিক্তভাৱে শোহন কৰি মাটি নষ্ট কৰে আৰু পৰিৱেশত উষ্ণতাৰ পৰিমাণ বৃদ্ধি কৰে । সেই কাৰণে পৃথিৱীৰ বিভিন্ন দেশত পাম তেলৰ খেতিক নিষিদ্ধ কৰা হৈছে ।

আনকি ভাৰতৰ আন্দামান নিকোবৰ দীপপুঞ্জত পাম তেলৰ খেতিয়ে জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অনাৰ তথ্য নিশ্চিত হোৱাৰ পিচত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তাত উক্ত খেতি বন্ধ কৰি দিয়া হৈছে । এনে ক্ষতিকাৰক কৃষিৰ বাবে বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপক অসম চৰকাৰে মাটি আৱন্টন দিয়া আৰু উক্ত ভূমিত বৃহৎ কলেৱৰত পাম তেলৰ খেতি কৰাটো জনস্বাৰ্থৰ পৰিপন্থী বুলি তেওঁ কয় ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে অসমত ২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ ভূমিত পাম তেলৰ খেতি কৰাৰ সংকল্প লৈ ইতিমধ্যে এই সম্পৰ্কীয় চৰকাৰী নীতি ঘোষণা কৰিছে৷ সেই মৰ্মে ৰাজ্য চৰকাৰে পতঞ্জলি গ্ৰুপক তিনিচুকীয়া, বাক্সা, ওদালগুৰি, শোণিতপুৰ আদি জিলাত কেইবা হাজাৰ বিঘা মাটি আৱন্টন দিছে । তাৰে অংশ স্বৰূপে তিনিচুকীয়া জিলাৰ ধলাত আৱন্টিত মাটিত আজি পাম তেলৰ খেতিৰ শুভাৰম্ভ কৰিছে পতঞ্জলিয়ে ।

তেওঁ লগতে কয় যে শদিয়াৰ যি ঠাইত পতঞ্জলিয়ে উক্ত খেতি কৰিছে, তাৰ নিচেই ওচৰতে লাগি আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য । যিহেতু পাম তেলৰ খেতিয়ে জৈৱ বৈচিত্ৰ বিনষ্ট কৰে, সেয়ে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ অস্তিত্বৰ ওপৰত তাৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত । তেওঁ কয় যে গোলকীয় উষ্ণতাৰ কাৰণেই হওক বা আন কাৰণতে হওক বিগত এটা দশক অসমত গৰমৰ প্ৰকোপ বাঢ়িছে ।

আনহাতে প্ৰতিবছৰে বৰষুণৰ হাৰ কমি আহিছে । অসমৰ কোনো কোনো ঠাইত পূৰ্বে নোহোৱা খৰাঙৰ প্ৰভাৱ পৰিছে । এনে পৰিস্থিতিত পাম খেতিৰ ব্যাপকতাৰ ফলত অসমৰ প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত উদ্বেগজনকভাৱে নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা বিদ্যমান বুলি তেওঁ কয় ।

তেনে পৰিস্থিতিত তেওঁ ৰাজ্যত এই মাৰাত্মক পাম তেলৰ খেতিক উৎসাহিত নকৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় । ইফালে পাম তেলৰ খেতি সন্দৰ্ভত এজেপি হৈ দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Palm oil plantation: অসমৰ ৭ খন জিলাৰ ১ লাখ একৰ ভূমিত কৰা হ'ব তৈল খেজুৰৰ খেতি: বাবা ৰামদেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.