গুৱাহাটী,২ জুন : গুৱাহাটী মহানগৰীৰ কেব চালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদে ৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সন্তান ৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যা সমূহ সমাধান কৰি জাতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰা উচিত ৷
আনহাতে অসম জাতীয় পৰিষদৰ মুখপাত্র জিয়াউৰ ৰহমানে কয় যে, ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যি কেইটা খণ্ডৰ লোক সৰ্বাধিক পৰিমাণে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম ৷ বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ'লা, উবেৰ, ৰেপিড' আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক ৷ ক’ভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে ৷
কিন্তু যিহেতু তেওঁলোকে গাড়ীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল, সেয়ে বৰ্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলী কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে ৷ অথচ ঋণদাতা প্ৰতিষ্ঠানে কেব চালক সকলক মাহিলী কিস্তি আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে ৷ যোৱা বছৰৰ ক’ভিড অতিমাৰীৰ প্ৰথমটো লহৰৰ সময়ত নিবনুৱা হৈ পৰা কেব চালকসকলৰ ৬-৭ মাহলৈকে মাহিলী কিস্তি অনাদায় হৈ আছিল যি বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই ৷ তাৰ পাচত এইবাৰ ক’ৰণা অতিমাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিলে ৷
কেব চালকসলৰ সংগঠন সদৌ অসম কেব মজদুৰ সংস্থাাই বুধবাৰে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে ৷ তাৰ ভিতৰত কেব চালক সকলক আৰ্থিক সাহায্য প্ৰদান কৰা, তেওঁলোকক ক’ভিড ভেকচিন প্ৰদান কৰা, তেওঁলোকৰ বেংকৰ কিস্তিৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা, ঋণৰ অতিৰিক্ত সুদ ৰেহাই দিয়া আৰু মিটাৰ টেক্সি ব্যৱস্থা প্ৰৱৰ্তন কৰা অন্যতম ৷ এই দাবীসমূহ চৰকাৰে তৎকালে পূৰণ কৰা উচিত বুলিও মন্তব্য কৰে মুখপাত্র গৰাকীয়ে ।
লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন